• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বহু হাজাৰ ৰহিঙীয়াৰ মাজৰ মাত্ৰ কেইশ মানৰহে প্ৰত্যাৱৰ্তনত অনুমোদন ম্যানমাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2018 4:49 pm
rohingya refugees
113
VIEWS
Share on FacebookShare on Twitter

প্ৰত্যাৱৰ্তনৰ তালিকাত থকা হাজাৰ হাজাৰ ৰহিঙীয়াৰ পৰা মাত্ৰ কেইশ মানকহে স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত অনুমোদন জনাইছে ম্যানমাৰ চৰকাৰে।

বাংলাদেশ আৰু ম্যানমাৰৰ মাজত নৱেম্বৰ মাহত স্বাক্ষৰিত এটা চুক্তি অনুসৰি ১০ লাখৰ ভিতৰত তিনি চতুৰ্থাংশ ৰহিঙীয়া শৰণাৰ্থীক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ ক্ষেত্ৰত দুয়োখন দেশ সহমতত উপনীত হৈছিল যদিও এই চুক্তি অনিৰ্দিষ্ট কালৰ বাবে ৰৈ আছে। প্ৰস্তুতিৰ অভাৱৰ বাবে ইটো পক্ষই সিটো পক্ষক দোষ দিছে।

এতিয়ালৈকে ম্যানমাৰে ৮,০০০তকৈও অধিকৰ পৰা মা্ত্ৰ ৬,০০মান ৰহিঙীয়া শৰণাৰ্থীক প্ৰত্যাৱৰ্তনত অনুমোদন জনাইছে। দক্ষিণ এছিয়াৰ এই দুখীয়া দেশ বাংলাদেশে  প্ৰায় ১০ লাখ ৰহিঙীয়াক আশ্ৰয় দিছে। ম্যানমাৰৰ সৈতে দক্ষিণ-পূব  সীমাত থকা অস্বাস্থ্যকৰ শিবিৰত ৰহিঙীয়া শৰণাৰ্থীক আশ্ৰয় দিয়া হৈছে।

প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটো চোৱা-চিতাৰ দায়িত্বত থকা বাংলাদেশৰ শীৰ্ষস্থানীয় বিষয়া মহম্মদ আবুল কৰিমে কৈছে যে এই বিতৰ্কিত প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়াটো কেতিয়া আৰম্ভ কৰা হ’ব তাৰ কোনো বিতং তথ্য জনোৱা নাই।

কালামে কৈছে যে প্ৰত্যাৱৰ্তনৰ কোনো তাৰিখ স্থিৰ হোৱা নাই।

এই বিতৰ্কিত চুক্তিখন জানুৱাৰিৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল ইয়াৰ সময়সীমা উকলি যোৱাৰ পিছত দেশখনে প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটো পিছুৱাই আছে।

ৰহিঙীয়াসকলৰ এই দুৰ্দশাৰ হেতুকে মানৱাধিকাৰ গোটসমূহ সমালোচনা মুখৰ হৈ পৰিছে আৰু আশংকা ব্যক্ত কৰিছে যে ম্যানমাৰত সংখ্যালঘূ মুছলমান নিৰাপদ নহয়।

চুক্তি অনুসৰি, শৰণাৰ্থীসকলক প্ৰত্যাৱৰ্তন কৰাৰ বাবে সেউজ সংকেত প্ৰদান কৰা হৈছে যদিও ম্যানমাৰৰ অশান্তি-জৰ্জৰ ৰাখিনি ৰাজ্যখনলৈ উভতি যোৱাৰ বাবে বহুতেই অস্বীকাৰ কৰিছে।

ম্যানমাৰৰ ৰাখিনি ৰাজ্যত ৰহিঙীয়াসকলক বহু প্ৰজন্ম ধৰি উৎপীড়ণ চলাই অহা হৈছে আৰু যি হিংসাত্মক ঘটনাৰ বলি হৈ তেওঁলোক বাংলাদেশলৈ পলাই আহিবলৈ বাধ্য হৈছে তাৰেই পুনৰাবৃত্তি ঘটাৰ ভয়ে তেওঁলোকক শংকিত কৰি ৰাখিছে।

কালামে কৈছে যে অহা কেই সপ্তাহৰ ভিতৰতে বাংলাদেশে প্ৰায় ১০,০০০ শৰণাৰ্থীৰ এখন তালিকা  ম্যানমাৰলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব। তেওঁ আৰু জানিবলৈ দিছে যে দুয়োখন দেশৰে বিষয়াবৰ্গই প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটো আলোচনা কৰাৰ বাবে এপ্ৰিল মাহত এখন আলোচনাত মিলিত হ’ব।

কিন্তু  প্ৰত্যাৱৰ্তনৰ চুক্তি বাস্তৱায়িত হোৱা বিষয়ত  বাংলাদেশ আৰু অন্যন্য দেশতো এটা সন্দেহে উক দিছে।

উল্লেখ্য যে ৰহিঙীয়াক ম্যানমাৰে  অবৈধ অনুপ্ৰবেশকাৰী হিচাপে দীৰ্ঘকাল ধৰি নিকৃষ্ট ব্যৱহাৰ কৰি আহিছে। এই বিপুল সংখ্যক শৰণাৰ্থীক আশ্ৰয় দিয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি ম্যানমাৰত এতিয়াও গঢ়ি তোলা হোৱা নাই।

এই বিৰাট প্ৰক্ৰিয়াটো  যোৱা বছৰৰ নৱেম্বৰৰ আগতে সম্পূৰ্ণ কৰাৰ বাবে বাংলাদেশ আৰু ম্যানমাৰ সহমতত উপনীত হৈছিল। জানিব পৰা গৈছে যে বাংলাদেশৰ এজন শীৰ্ষস্থানীয় কেবিনেট মন্ত্ৰী, প্ৰখ্যাত অৰ্থনীতিবিদ এ এম এ মুহিথে ‘শৰণাৰ্থীসকল আৰু প্ৰত্যাৱৰ্তন কৰাৰ কোনো আশা নাই আৰু ম্যানমাৰে ইচ্ছাকৃতভৱে প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটোত বাধা প্ৰদান কৰিছে’ বুলি দোষাৰোপ কৰিছিল।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd