বৰপেটা জিলাৰ বিভিন্ন ঠাইত মদ- জুৱাৰ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ সময়তে বৰপেটা জিলা আৰক্ষী- প্ৰশাসনে ইয়াৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে। বৰপেটা জিলাৰ বহৰিৰ বিভিন্ন ঠাইত কালি তাৰাবাৰী আৰক্ষীয়ে মদবিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰাৰ লগতে চুলাই মদো জব্দ কৰিবলৈ সক্ষম হয়।
বৰপেটা জিলাৰ উপ-আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্যৰ নেতৃত্বত চলা এই মদবিৰোধী অভিযানত এখন অল্ট’ (কে-টেন) বাহন জব্দ কৰাৰ লগতে এজন মদ ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ধৃত মদ ব্যৱসায়ীজন বহৰিৰ কুলেন তালুকদাৰৰ পুত্ৰ দ্বীপ তালুকদাৰ (৩৩) বুলি জানিব পৰা গৈছে। আনহাতে জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে এ এছ-১৫ এল-৬৮২২।
বৰপেটা জিলাৰ উপ-আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্যৰ নেতৃত্বত তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসৰ তত্পৰতাত তাৰাবাৰী আৰক্ষীয়ে চলোৱা এনে মদবিৰোধী অভিযানক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে। উল্লেখযোগ্য যে সম্প্ৰতি সমগ্ৰ ৰাজ্যৰে ভিন্ন অঞ্চলত মদ- জুৱাৰ ব্যাপক প্ৰচলন হোৱা দেখা গৈছে। ইয়াৰ ফলত যুৱ প্ৰজন্ম বাৰুকৈয়ে ক্ষতিগ্ৰস্থ হৈছে।সেয়েহে এনে সময়ত বৰপেটাত আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰা স্থিতিৰ শলাগ লৈছে ৰাইজে।