বাংলাদেশে আদৰণি জনোৱাৰ পিছত এতিয়া ৰহিঙিয়া মুছলমান শৰণাৰ্থীসকলে নতুন দুৰ্দশাৰ সন্মুখীন হৈছে

বাৰ্মিজ সেনাৰ নৃশংস আক্ৰমণৰ পিছত দিশহাৰা হৈ পৰা ৰহিঙিয়া মুছলমান শৰণাৰ্থীসকলে এতিয়া বাংলাদেশৰ সীমান্ত অঞ্চলত দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। ৰাষ্ট্ৰসংঘ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ‘জনগোষ্ঠীয় নিৰ্মূলকৰণ অভিযান’ হিচাপে আখ্যায়িত কৰা বাৰ্মিজ সেনাৰ এই আক্ৰমণৰ পিছত ম্যানমাৰ ত্যাগ কৰি বাংলাদেশমুখী হোৱা শৰণাৰ্থীসকলে এতিয়া চৰম দুৰ্দশাৰ সন্মুখীন হৈছে।

কক্স বজাৰৰ শিৱিৰৰ অৱস্থা দিনে দিনে অধিক ৰহিঙিয়া শৰণাৰ্থী আহি থকাৰ বাবে শোচনীয় হৈ পৰিছে আৰু ইয়াত থকাসকলৰ বাবে ভৱিষ্যৎ অন্ধকাৰ যেন হৈ পৰিছে।

বিগত সপ্তাহত বাংলাদেশ আৰু বাৰ্মা চৰকাৰে ৰহিঙিয়াসকলক সীমান্তৰ সিপাৰলৈ ওভতাই নিয়াৰ বাবে এটা কৰ্মগোট প্ৰস্তুত কৰিছিল যদিও আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষকসকলে ইয়াক অসুৰক্ষিত বুলি কৈছিল। আনহাতে, শৰণাৰ্থীসকলে শিৱিৰতে বহু বছৰ কটাবলগীয়া হ’ব বুলি শংকিত হৈ পৰিছে আৰু সেয়া হ’লে ই হ’ব বিশ্বৰ ভিতৰতে প্ৰথমটো বৃহত্তম আয়তনৰ শৰণাৰ্থী শিৱিৰ।

সীমান্ত অঞ্চলৰ শেহতীয়া পৰিস্থিতি অনুসৰি স্থানীয় বাংলাদেশী সম্প্ৰদায়ে তেওঁলোকৰ সগোত্ৰীয় মুছলমান শৰণাৰ্থীসকলৰ প্ৰতি দৰদ সীমিত কৰি তুলিছে। মাটি আৰু হাজিৰাক লৈ সংঘাত বৃদ্ধি পাবলৈ লৈছে। শৰণাৰ্থীসকলে তেওঁলোকৰ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ বাবে নগদ ধনৰ অভাৱত ভূগিছে আৰু মাটিৰ মালিকসকলে তেওঁলোকৰ অৱস্থাৰ সুযোগ লৈছে।

কক্স বজাৰৰ ওচৰত খেতি পথাৰত কাম কৰা ১৪ বছৰীয়া কিশোৰ এগৰাকী দিনটো কাম কৰি বাংলাদেশী ৩০০ টকা লাভ কৰে যিটো সাধাৰণতে স্বাভাৱিক মজুৰিৰ আধা। দ্য ইণ্ডিপেন্টডেন্ট কাকতৰ এক প্ৰতিবেদনত এই বাতৰি প্ৰকাশ পাইছে।

‘’মই ছেপ্টেম্বৰত আহি ইয়াত উপস্থিত হৈছিলো,’’ – বাৰ্মাৰ ৰাখাইনৰ পশ্চিম প্ৰদেশৰ সীমান্তৰ মউংদো চহৰৰ পৰা অহা ১৫ বছৰীয়া আৱাজে কয়। ‘’ সেনা আহি মুকলিকৈ গুলীবৰ্ষণ কৰিছিল আৰু আমি সকলো এৰি পলাই আহিছিলো,’’-আৱাজে কয়। পথৰ ওপৰত প্লাষ্টিকৰ তম্বুৰ তলত থাংখালি শিৱিৰত থকা আৱাজৰ লগতে আছে পিতৃ-মাতৃ আৰু পাঁচ গৰাকী ভাতৃ।

‘’ ঘৰলৈ উভতি যাম, আমাৰ নিজা মাটি আছে,’’-কিশোৰজনে লগতে কয়।

ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি বাৰ্মাৰ উত্তৰ-পশ্চিম সীমান্ত পাৰ হৈ চাৰি মাহত ৬৫৫,০০০ লোকৰ প্ৰব্ৰজন ঘটিছে। জ্বলি যোৱা গাওঁসমূহ, খেতি আৰু জীৱিকাৰ সমল সকলো এৰি শৰণাৰ্থীসকলে কক্স বজাৰ জিলাৰ পাহাৰীয়া সীমান্তত স্থানীয় লোকৰ ভূমিত বসতি কৰি বহিছে।

অঞ্চলটোত কাম কৰি অহা বেচৰকাৰী সংস্থা এটাই জনাইছে যে ৰহিঙিয়া সকলক মাটিৰ মালিকসকলে সহজতে ব্যৱহাৰ কৰিব পাৰিছে। ব্যাপক প্ৰব্ৰজনৰ ফলত দুখীয়া বাংলাদেশী শ্ৰমিকৰ বাবে কাম পোৱাটো কঠিন হৈ পৰিছে। পূৰ্বতে বাংলাদেশী শ্ৰমিকে ৫০০-৬০০ টকা হাজিৰা লাভ কৰিছিল যদিও ৰহিঙিয়া শৰণাৰ্থী সকলে কম মজুৰিতে কাম কৰিবলৈ লৈছে। আনহাতে সামগ্ৰীৰ দাম দুগুণ বৃদ্ধি পোৱাৰ ফলত জীৱন যাত্ৰা দুৰ্বিষহ হৈ পৰিছে।