বাংলাদেশৰ মনিপুৰী সংগঠনে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী এন বীৰেন সিঙক

বাংলাদেশৰ বাংলাদেশ মনিপুৰী আদিবাসী ফ’ৰামৰ সদস্যসকলে যোৱাকালি মনিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰে।

সাধাৰণ সম্পাদক সমৰজিৎ সিঙৰ নেতৃত্বত ফ’ৰামৰ ৯ জনীয়া সদস্যৰ দলটোৱে মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি বাংলাদেশ ভ্ৰমণৰ বাবে আমন্ত্ৰন জনায়।

মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ২০১৮ ৰ জানুৱাৰীৰ ভিতৰতে বাংলাদেশত বসবাস কৰি থকা মনিপুৰী লোকসকলৰ জীৱন যাত্ৰাৰ বিষয়ে খবৰ ল’বলৈ বাংলাদেশলৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ লগতে ভ্ৰমণৰ সময়ত দেশখনত বাস কৰি থকা মনিপুৰী লোকসকলৰ কল্যাণৰ বিষয়টো বাংলাদেশ চৰকাৰৰ সৈতে আলোচনা কৰাৰ আশ্বাস দিয়ে।

ফৰামৰ সদস্যসকলে লগতে মুখ্যমন্ত্ৰীক জনায় যে বাংলাদেশত থকা মনিপুৰীসকলে ওবিচি মৰ্যাদা লাভ কৰিছে। সাক্ষাৎ কৰাৰ সময়ত ফৰামৰ সদস্যসকলে মুখ্যমন্ত্ৰীক পৰম্পৰাগত জাপি আৰু চাদৰ উপহাৰ দিয়ে।