বাক্সাত সম্পন্ন অধিবিদ্যা পৰিষদৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ‘পাঠ প্ৰস্তুতি কৰ্মশালা’

বাক্সা জিলা অধিবিদ্যা পৰিষদৰ অধীনৰ নাগ্ৰীজুলি-ডেফেলী পৰীক্ষা পৰিষদৰ ১২ নং গোটৰ উদ্যোগত আজি ৪ জুলাইত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকসকলৰ বাবে পাঠ প্ৰস্তুতি (লে’ছন প্লেন) বিষয়ক এক কৰ্মশালা অনুষ্ঠিত হয়।

কৰ্মশালাত  পাঠ প্ৰস্তুতিৰ প্ৰয়োজনীয়তা, ছাত্র-ছাত্ৰীক উপযুক্ত তথা বিজ্ঞানসন্মতভাৱে শিক্ষা প্ৰদানত পাঠ প্ৰস্তুতিৰ গুৰুত্ব আৰু  আৱশ্যকতা সম্পৰ্কে শিক্ষক-শিক্ষয়িত্ৰীসকলক বিতংভাৱে অৱগত কৰি সমল ব্যক্তিসকলে পাঠ প্ৰস্তুতি কিদৰে কৰা হয় বাখ্যা কৰে।

ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা চামচুল হক আৰু ডেফেলী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জয় চন্দ্ৰ বড়োই সমল ব্যক্তি হিচাপে ভাগ লোৱা কৰ্মশালাখনত অংশগ্ৰহণকাৰী শিক্ষকসকলক পাঠ প্ৰস্তুতিৰ আৰ্হিসমূহো প্ৰদান কৰা হয়।

নাগ্ৰীজুলি-ডেফেলী পৰীক্ষা পৰিষদৰ ১২নং গোটৰ অধীনৰ ১১ খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সমন্বিতে প্ৰায় নব্বৈ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে।

‘আজিৰ কৰ্মশালাত উপস্থিত থাকি লেছন প্লেন প্ৰস্তুতিৰ যি প্ৰশিক্ষণ ল’লে, শিক্ষকসকলে সেয়া শ্ৰেণী কোঠাত প্রয়োগ কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ প্ৰয়াস  কৰিলেহে আজিৰ এই কৰ্মশালা সাৰ্থক হ’ব,’ শিক্ষকসকলক উদ্দেশ্যি মন্তব্য নাগ্ৰীজুলি-ডেফেলী পৰীক্ষা পৰিষদৰ ১২ নং গোটৰ সভাপতি ভৰত টুডুৰ।

কৰ্মশালাত উপস্থিত থকা শিক্ষকসকলে পাঠ প্ৰস্তুতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি উপকৃত হোৱা বুলি সন্তুষ্টি প্ৰকাশ কৰে।

নাগ্ৰীজুলি-ডেফেলী পৰীক্ষা পৰিষদৰ ১২নং গোটৰ সম্পাদক তথা নাগ্ৰীজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভক্ত বাহাদুৰ ছেত্ৰীয়ে আঁত ধৰা আৰু খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন চন্দ্ৰ বড়োই উদ্বোধন কৰা কৰ্মশালাৰ আৰম্ভণিতে সমল ব্যক্তি সকলক ফুলাম গামোচাৰে সম্ভাষণ জনোৱা হয়।

শলাগৰ শৰাই আগবঢ়াই নাগ্ৰীজুলি-ডেফেলী পৰীক্ষা পৰিষদৰ ১২নং গোটৰ উপ-সভাপতি স্বপন চক্ৰবৰ্তীয়ে।