বাক্সা জিলাত স্বয়ং আৰক্ষী জোৱানৰে ডাইনীৰ সন্দেহত বৃদ্ধা মহিলাক আক্ৰমণ

ডাইনীৰ

বৰ্তমান ৰাজ্যখনৰ বিভিন্ন ঠাইত ধৰ্ষণৰ ঘটনা বৃদ্ধি পাই থকাৰ সময়তে শনিবাৰে বাক্সা জিলাৰ ডুমুনী চাহ বাগিচাত এগাৰকী বৃদ্ধাক ডাইনীৰ সন্দেহত আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে বাক্সা জিলাৰ ডুমুনী চাহ বাগিচাৰ পাঁচ নম্বৰ লাইনৰ ৰমিলা মিন্স নামৰ এগৰাকী বৃদ্ধাক ডাইনীৰ সন্দেহত অঞ্চলটোৰ চাৰিজন যুৱকে আক্ৰমণ কৰে।

প্ৰাপ্ত তথ্য মতে ডুমুনী আৰক্ষী চকীৰ অন্তৰ্গত ডুমুনী চাহ বাগিচাৰ পাঁচ নম্বৰ লাইনৰ আলবাট এক্কা নামৰ এজন আৰক্ষীৰ বেটেলিয়নৰ জোৱানৰ পত্নীয়ে এটি শিশু জন্ম দিয়ে। কিন্তু শিশুটিয়ে জন্মৰ পিছৰে পৰা মাকৰ গাখীৰ গ্ৰহণ কৰা নাছিল। ফলত একে লাইনৰে ৰমিলা মিন্স নামৰ বৃদ্ধা গৰাকীয়ে কিবা কৰা বুলি সন্দেহ প্ৰকাশ কৰি আলবাট এক্কাই আন তিনিজন যুৱকৰ সৈতে লগ লাগি বৃদ্ধা গৰাকীক আক্ৰমণ কৰে।

ইফালে মুছলপুৰ আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰি বৃদ্ধা মহিলা গৰাকীক উদ্ধাৰ কৰাৰ লগতে মহিলা গৰাকীৰ অভিযোগ ভিত্তিত আলবাট এক্কাক আটক কৰে। আটকাধীন আলবাট এক্কা আৰক্ষীৰ ১৫ নং বেটেলিয়নৰ জোৱান বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে উক্ত ঘটনাৰ লগত জড়িত আন তিনিজন অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে। অৱশ্যে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।