• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

বাজেট অধিৱেশনৰ পূৰ্বে  পেমা খাণ্ডুৱে বৈঠকত বহি পৰামৰ্শ ল’লে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
February 24, 2018 9:27 pm
Pema Khandu: Chief Minister Of Arunachal Pradesh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক বাজেট অধিৱেশনৰ আগে আগে আজি অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী  পেমা খাণ্ডুৱে আজি বিভিন্ন জনগোষ্ঠীয় সংগঠনবোৰৰ প্ৰতিনিধিৰ সৈতে বৈঠকত বহি তেওঁলোকৰ পৰা দিহা-পৰামৰ্শ লোৱাৰ লগতে তেওঁলোকৰ নিজৰ নিজৰ সমস্যা সম্পৰ্কে বুজ লয়। বৈঠকত মুখ্য মন্ত্ৰীজনৰ লগতে বিত্ত মন্ত্ৰী চাওনা মেইনো উপস্থিত আছিল।

বৈঠকত জনগোষ্ঠীয় সংগঠনবোৰৰ উমৈহতীয়া মঞ্চ অৰুণাচল ইণ্ডিজেনিয়াছ ট্ৰাইবছ ফেডাৰেইশ্যনে (AITF) আটাইবোৰ সম্প্ৰদায়ৰে উমৈহতীয়া প্ৰস্তাব তথা পৰামৰ্শবোৰৰ তালিকা প্ৰদান কৰাৰ বিপৰীতে সংগঠনবোৰৰ নিজা ববীয়া প্ৰস্তাব-পৰামৰ্শবোৰ সুকীয়া সুকীয়াকৈ দিয়া হয়।

Apply Now

সকলো জনগোষ্ঠীয় সংগঠনেই সহমত প্ৰকাশ কৰি কয় যে শেহতীয়াকৈ ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে। ৰাজ্যখনত নিৰাপত্তাৰ দিশটোত জোৰ দিব লাগে, বিশেষকৈ শিশু আৰু মহিলাৰ সুৰক্ষাই উপযুক্ত গুৰুত্ব পাব লাগে বুলি সকলোৱে সহমত দিয়ে। লগতে তেওঁলোকৰ বেছিভাগেই বিশেষকৈ ধৰ্ষণত অভিযুক্তৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুত কৰিবলৈ আহ্বান জনাইছে। তাৰ বাবে প্ৰয়োজনীয় উপযুক্ত মানৱ শক্তি, বুনিয়াদী সা-সুবিধাৰ ব্যৱস্থা কৰা দৰকাৰ।

শিক্ষা-দীক্ষাত সৰ্বাধিক গুৰুত্ব দিয়া, ৰাস্তা-পদূলিৰ অৱস্থা ভাল কৰা, স্বাস্থ্যখণ্ডৰ বিকাশ কৰা, ৰাজ্যিক লোকসেৱা আয়োগৰ মাজেৰে শিক্ষক নিযুক্তি দিয়া ইত্যাদি বিষয়বোৰতো এই সংগঠনবোৰ সহমতত উপনীত হয়।

আনহাতে পূবৰ জিলাকেইখনৰ পৰা প্ৰতিনিধিত্ব কৰা সংগঠনবোৰে তেওঁলোকৰ অঞ্চলত গা কৰি উঠা ড্ৰাগছৰ বেহা আৰু কানিৰ খেতিক এটা মূল সমস্যা হিচাপে দাঙি ধৰে। তেওঁলোকে এই অঞ্চলবোৰৰ যুৱচামক কামত নিয়োগ কৰিব পৰাকৈ বাজেটত ধনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

সংগঠনবোৰৰ আন এটা পৰামৰ্শ হ’ল বিভিন্ন সম্প্ৰদায়ৰ মাজত আৰু লগতে চুবুৰীয়া ৰাজ্য, বিশেষকৈ অসমৰ সৈতে সম্প্ৰীতিৰ বান্ধোন দৃঢ় কৰিবলৈ সাংস্কৃতিক বিনিময়ৰ কাৰ্য্যসূচী।

আনহাতে থলুৱা সংস্কৃতি আৰু ভাষাবোৰৰ বিকাশৰ বাবেও প্ৰায়বোৰ সংগঠনে পৰামৰ্শ আগ বঢ়ায়। ৰাজ্যখনৰ কেইটামান প্ৰধান জনগোষ্ঠীয়ে তেওঁলোকৰ ভাষাৰ বাবে লিপিৰ বিকাশ কৰা বুলি আৰু এইবোৰক স্থানীয় বিদ্যালয়বোৰত তৃতীয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ মুখ্য মন্ত্ৰীৰ আগত প্ৰস্তাৱ দাঙি ধৰা হয়। বাজেটত স্থানীয় ভাষাৰ শিক্ষক নিযুক্তি তথা পাঠ্যপুথি ছপাৰ বাবে ধন ধাৰ্য্য কৰিবলৈও পৰামৰ্শ আগ বঢ়োৱা হয়।

প্ৰায়বোৰ সংগঠনতেই অৰুণাচলৰ ঘাইপথলৈ সংযোগী পথৰ দুৰৱস্থাৰ কথা উল্লেখ কৰে। ৰাজ্যিক পথ, গাৱঁৰ পথৰ উন্নয়নৰ প্ৰয়োজনীয়তাও উল্লেখ কৰা হয়। লগতে ভগা বিদ্যালয় গৃহ, স্বাস্থ্যকেন্দ্ৰ, কাৰ্য্যলয় আৰু অন্যান্য ৰাজহুৱা আন্তঃগাঁথনিৰ নিৰ্মাণৰ বাবে ধন ধাৰ্য্য কৰাৰ পৰামৰ্শ দিয়ে।

আনহাতে মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে এই দিহা-পৰামৰ্শবোৰক গুৰুত্বসহকাৰে লোৱা বুলি জানিবলৈ দিয়ে। তেওঁ এইবোৰৰ প্ৰতিফলন ঘটাবলৈ চেষ্টা কৰিব বুলি কয়। তেওঁ সংগঠনবোৰকো নিজৰ নিজৰ ঠাইত আৰু মানুহৰ মাজত চৰকাৰৰ কাৰ্য্যসূচীবোৰৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ পৰামৰ্শ দিয়ে।

তেওঁ বিভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধিত্বমূলক সংগঠনবোৰক চৰকাৰৰ পৰিকল্পনাৰ অংশীদাৰ কৰিবলৈ কষ্ট কৰি থকা বুলি কৈ সহযোগিতা বিচাৰে। আনহাতে উমৈহতীয়া মঞ্চখনক ইতিমধ্যে বিকাশ কৰা ভাষাৰ লিপিবোৰ চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ আহ্বান জনায়।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd