বাৰিষাৰ দিনত কাজিৰঙাৰ বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ বাবে বিভিন্ন বেচৰকাৰী সংগঠন, সংবাদকৰ্মীৰ বৈঠক

সম্ভাব্য বানপানী আহিলে বন্য  প্ৰাণীৰ সুৰক্ষা আৰু উদ্ধাৰ কৰাৰ বাবে কি কৰা উচিত বা কেনে ধৰণৰ কাৰ্যব্যৱস্থা লোৱা উচিত বা কৰ্তৃপক্ষই লোৱা ব্যৱস্থাৱলীৰ বিষয়ে অৱগত কৰিবৰ বাবে কাজিৰঙাৰ বিভিন্ন দল-সংগঠন, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন, সংবাদকর্মী ,স্থানীয় ৰাইজ, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি সৈতে সোমবাৰে এক আলােচনাত মিলিত হয় উদ্যান কৰ্তৃপক্ষ।

কাজিৰঙাৰ শতবর্ষ সমাৰোহ প্ৰেক্ষাগৃহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আকাশ দ্বীপ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হােৱা এই বৈঠকত বন সংমণ্ডল বিয়য়া ৰােহিনী বল্লভ শইকীয়াই কাজিৰঙাত সম্ভাৱ্য বানপানীৰ সময়ত পূর্বৰ দৰে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, প্রকৃতিপ্রেমী ৰাইজ আৰু দল সংগঠন  আগবাঢ়ি আহি বন্যপ্রাণীক নিৰাপত্তা দিয়াৰ লগতে চোৰাংচিকাৰ ৰােধ কৰাত বন বিভাগক সহায় কৰিবৰ বাবে আহবান জনায়।

বৈঠকত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংৰক্ষক জৰ্জ আহমেদ, উপ বন সংৰক্ষক মুকুট দাস, বনাঞ্চলিক বিষয়া পংকজ বৰা, পুস্পধৰ বুঢ়াগােহাঁই, বচাগাঁও পাৰিপাৰ্কি উন্নয়ন সমিতিৰ সভাপতি তৰুণ গগৈ, প্রহাদ বৈষ্ণৱ বৰুৱা, কাজিৰঙা জীপ ছাফাৰী সন্থাৰ সভাপতি তুলসী বৰদলৈ, বাইল্ড ভিউ ফাউণ্ডেচনৰ সভাপতি নীলপদ্ম শর্মা আদিয়ে বানপানীৰ সময়ত বন্যপ্রাণীৰ সুৰক্ষা সম্পর্কে ভালেমান কাৰ্য ব্যৱস্থাৰ পৰামৰ্শ দিয়ে।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়াই জানিবলৈ দিয়া অনুসৰি আগন্তুক বানপানীৰ সময়ত ব্যৱহাৰ কৰিব পৰাকৈ ইতিমধ্যে ২২৮ খন হাত নাও, ১৭ খন স্পীড ব’ট আৰু ১৪ খন ভ্রাম্যমান নাও উদ্যান কৰ্তৃপক্ষই সাজু কৰিছে। ইফালে বেচৰকাৰী সংগঠন ৱাইল্ড ভিউ ফাউণ্ডেচনৰ তৰফৰ পৰা কাজিৰঙাৰ বনকৰ্মীক বাৰিষা ব্যৱহাৰ কৰিব পৰাকৈ ২০ টা লাইফ জেকেট আৰু এখন হাত নাও প্রদান কৰিব বুলি সভাপতিয়ে বৈঠকত ঘােষণা কৰে।

এইবাৰৰ বানপানীৰ সময়ত বন্য প্রাণীৰ নিৰাপত্তাৰ স্বাৰ্থত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কলিয়াবৰ মহকুমাৰ আমগুৰিৰ পৰা বোকাখাত মহকুমাৰ পানবাৰীলৈকে যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে ইলেকট্রনিক টাইম কার্ড ব্যৱহাৰ কৰা হ’ব। ইয়াৰ উপৰিও বন্যপ্রাণীবােৰে প্ৰাণৰক্ষাৰ তাড়ণাত ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কার্বি পাহাৰ দিশে যাওঁতে ৰাষ্ট্ৰীয় পথত পিছল খাই পৰি আঘাতপ্রাপ্ত হোৱাৰ সমস্যা কিছু লাঘৱ কৰাৰ উদ্দেশ্যে পৰীক্ষামূলকভাৱে বিশেষকৈ এনিমেল কৰিড’ৰবােৰত  ৰাষ্ট্ৰীয় পথৰ ওপৰত মেট বা ঢাৰি পাৰি দিয়াৰ ব্যৱস্থা কৰিব কৰ্তৃপক্ষই।

আনহাতে এনিমেল কৰিড’ৰবােৰত বন্যপ্রাণী অতিক্রম কৰাত সুবিধা হােৱাকৈ চুপি সদৃশ পর্দা বা জালো দিয়া হ’ব বুলি সঞ্চালকে জনায়। বানপানীৰ সময়ত সহযােগ আগবঢ়াবলৈ আন বন সংমণ্ডলৰ পৰাও বনকৰ্মী আৰু আৰক্ষীক আমন্ত্রণ কৰিছে কাজিৰঙাৰ কৰ্তৃপক্ষই।

লগতে ১ জুনৰ পৰা বােকাখাত আৰু কলিয়াবৰ মহকুমা প্রশাসনে জখলাবন্ধাৰ পৰা  বােকাখাতলৈকে ৩৭ নং ৰাষ্টীয় পথত ১৪৪ ধাৰা জাৰি কৰি যানবাহনৰ গতিবেগ নিয়ন্ত্রণ কৰিবৰ বাবেও বৈঠকত আহ্বান জনোৱা হয়।