বিজেপিৰ নাম লৈ কার্বি পাহাৰত শিল মাফিয়াৰ সন্ত্ৰাস : বন বিষয়া, বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ দলক অপদস্থ

বিজেপিৰ নাম লৈ একাংশ শিল মাফিয়াই এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা কাৰ্বি পাহাৰত গুণ্ডাৰাজ আৰম্ভ কৰিছে। শিল মাফিয়াৰ গুণ্ডাবাহিনীয়ে বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত গৈ বন বিষয়াক ভাবুকি দিয়াৰ লগতে বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ দলকো অপদস্থ কৰে।

উল্লেখযোগ্য যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি উদ্যানখনৰ দক্ষিণে থকা কাৰ্বি আংলঙৰ পাহাৰত দীৰ্ঘদিন ধৰি চলি অহা অবৈধ শিলখনন কাৰ্য, শিল কোৱাৰী, শিল ক্ৰেচাৰ মেচিন আদি বন্ধ কৰিবৰ বাবে কেন্দ্রীয় ব্যাঘ্র সংৰক্ষণ প্রাধিকৰণে অলপতে এক নিৰ্দেশ জাৰি কৰিছিল।

প্রাধিকৰণৰ এই নির্দেশৰ পিছতে পাহাৰ খহাই ৰাতিটোৰ ভিতৰতে কোটি টকাৰ মালিক হোৱা এচাম শিল ব্যৱসায়ীয়ে অৰাজকতাৰ সৃষ্টিৰ উদ্দেশ্যে এতিয়া অঞ্চলটোত তেওঁলোকৰ পোহনীয়া মাফিয়াৰ দলক এৰি দিছে ৷

নিজকে ভাৰতীয় জনতা পাৰ্টিৰ বিষয় ববীয়া আৰু দলটোৰ যুৱ মৰ্চাৰ কৰ্মকৰ্তা বুলি কৈ বাগৰিত থকা চেৰিকালচাৰ বিভাগৰ অতিথি শালাত বাহৰ পাতি এই দলটোয়ে অঞ্চলটোত আৰম্ভ কৰিছে গুণ্ডাৰাজ ৷

উল্লেখযোগ্য যে কেন্দ্রীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নির্দেশ মর্মে কাৰ্বি আংলঙৰ দুৱাৰ বাগৰি, হাৰমতি, চিলিমখোৱা, ৰংবংৱে, দলামৰা, দিৰিং, গেলেকী আদিত শিলৰ ব্যৱসায় বন্ধ কৰাৰ পিছতো এচাম শিল মাফিয়াই অবৈধভাৱে পাহাৰ খান্দি শিলৰ ৰমৰমীয়া ব্যৱসাই চলাই থকাৰ বাতৰি পাই কাৰ্বি আংলং জিলাৰ ডলামৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া প্রহাদ ক্ৰৱে যোৱা ১৬ মেত বাগৰি এলেকাত অভিযান চলাই তিনিজন শিল ব্যবসায়ীক দলামৰা বনাঞ্চলিক বিষয়াৰ কার্যালয়লৈ আটক কৰি লৈ আনিছিল।

এই বাতৰি জিলাখনৰ শিল মাফিয়াসকলৰ মাজত প্ৰচাৰ হোৱাৰ লগে লগে সকলো শিল মাফিয়া একত্ৰিত হৈ উলামৰা বনাঞ্চলিক বিষয়াৰ কার্যালয় ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ লগতে মাজ নিশালৈ আটকাধীন তিনিগৰাকী শিল ব্যৱসায়ীক বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ পৰা বলপূর্বকভাবে মােকলাই নিয়ে।

ইয়াৰ উপৰি একে সময়তে শিল মাফিয়াৰ দলটোয়ে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ এটা বিজ্ঞানীৰ দলকো আশালীন ব্যৱহাৰ কৰি কাৰ্বি পাহাৰৰ পৰা খেদি পঠায় বুলিও বনাঞ্চলিক বিষয়া প্ৰহ্লাদ ক্ৰয়ে জনায় ৷

তদুপৰি বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ সহযােগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চল বন বিভাগে আয়োজন কৰা  তিনি দিনীয়া প্ৰকৃতি শিৱিৰত অংশ গ্ৰহন কৰা চাৰিগৰাকী ছাত্ৰী আৰু দুগৰাকী স্বেচ্ছাসৱিকাক শিল মাফিয়াৰ দলটোয়ে ভাবুকি প্ৰদান কৰি শিৱিৰৰ পৰা ওভটি যাবলৈ বাধ্য কৰায়।

ভাৰতীয় জনতা পাৰ্টিৰ নাম লৈ  শিল মাফিয়াৰ গুণ্ডা বাহিনীয়ে চলোৱা এনে উদ্ভণ্ডালীক প্রকৃতিপ্রেমী সংগঠনৰ লগতে সচেতন মহলেও একমুখে গৰিহণা দিছে। বিষয়টো ইতিমধ্যে বিজেপিৰ ৰাজ্যিক বিষয় ববীয়াকো অৱগত কৰিছে স্থানীয় লোকে ৷ তেওঁলোকে এইক্ষেত্ৰত বিজেপি নেতৃত্বাধীন মিত্রজোট চৰকাৰক অঞ্চলটোত  শিল মাফিয়াই চলোৱা সন্ত্ৰাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

বিজেপিৰ নামলৈ অঞ্চলটোত শিল মাফিয়া আৰু শিল ব্যৱসায়ীৰ পোহনীয়া গুণ্ডা বাহিনীয়ে আৰম্ভ কৰা এই সন্ত্ৰাস নিয়ন্ত্ৰন কৰি বনমন্ত্রী পৰিমল শুক্লবৈদ্যই কাজিৰঙাৰ কাষৰীয় অঞ্চলত চলি থকা  অবৈধ শিলখনন কেনেদৰে  বন্ধ কৰে সেয়া লক্ষণীয় হ’ব ।