বিজেপিৰ গোটেই দেশজুৰি চলা ‘সম্পৰ্কৰে সমৰ্থন’ (Sampark se Samarthan) কাৰ্য্যসূচীৰ অংশস্বৰূপে আজি ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বিশিষ্ট নাগৰিক প্ৰফুল্লগোবিন্দ বৰুৱাৰ বাসগৃহলৈ গৈ তেওঁক মোদী চৰকাৰৰ চাৰি বছৰৰ সফলতাৰ পুস্তিকা প্ৰদান কৰে। লগতে ৰাজ্য চৰকাৰখনৰো দুবছৰীয়া খতিয়ানো দিয়ে মুখ্য মন্ত্ৰীজনে।
আজি আবেলি এই উদ্দেশ্যে মুখ্য মন্ত্ৰীজন বিশিষ্ট নাগৰিক তথা আছাম ট্ৰিবিউন কাকতৰ পৰিচালন সঞ্চালক প্ৰফুল্লগোবিন্দ বৰুৱাৰ ঘৰত উপস্থিত হৈছিল। সাক্ষাতৰ সময়ছোৱাত বৰুৱাৰ আগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সফলতাৰ ছবি এখন দাঙি ধৰা বুলি পিছত সাংবাদিকৰ আগত সোণোৱালে মন্তব্য কৰে। লগতে তেওঁ ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত বিশিষ্ট নাগৰিকজনৰ পৰা দিহা-পৰামৰ্শ লোৱা বুলিও কয়।
আনহাতে প্ৰফুল্লগোবিন্দ বৰুৱাই আমাৰ সাংবাদিকৰ আগত কয় যে তেওঁ ৰাইজৰ মতটোকে মুখ্য মন্ত্ৰীৰ আগত দাঙি ধৰিছে। তেওঁ বাকীসকলে যিখিনি কৈছে ময়ো সেইখিনিয়ে কৈছো বুলি কৈ কয়, “বিশেষকৈ অসম চুক্তিক অপ্ৰাসংগিক কৰি পেলোৱাটো বৰ অন্যায় হৈছে বুলি মই কৈছো। অসম চুক্তিখন আমি ৰাখিব লাগিব।”
উল্লেখযোগ্য আজি সোণোৱালে প্ৰফুল্লগোবিন্দ ঘৰৰ পৰা ঘূৰি আহোতে চানমাৰিত থকা অট’চালকসকলৰ লগতো কিছু সময়ৰ বাবে মত বিনিময় কৰে। অট’চালকসকলকো তেওঁ মোদী চৰকাৰৰ চাৰিবছৰীয়া সফলতাৰ খতিয়ান আৰু ৰাজ্য চৰকাৰৰ সফলতাৰ খতিয়ান থকা পুস্তিকা দিয়ে।
মন কৰিব লগীয়া যে সমস্যাৰে জৰ্জৰিত ৰাজ্য এখনৰ মুখ্য মন্ত্ৰী সোণোৱালে ঘৰে ঘৰে গৈ মোদী চৰকাৰৰ চাৰি বছৰীয়া সফলতা সম্বলিত পুস্তিকা বিতৰণ কৰি ফুৰাটোত আশ্চৰ্য্য প্ৰকাশ কৰিছে এচাম সচেতন নাগৰিকে।