বিজেপি বিধায়কৰ সৈতে গড়কাপ্তানী বিভাগৰ বৈঠক : বানপানীৰ পাছতে আৰম্ভ হ’ব পথ নিৰ্মাণৰ কাম

PWD_ReviewMeeting

বানপানীৰ পাছতেই অৰ্থাৎ অক্টোবৰ মাহৰ পৰা ৰাজ্যত আৰম্ভ হ’ব গড়কাপ্তানী বিভাগৰ অধীনৰ পথসমূহৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম। ইয়াৰ লগতে ৰাজ্যৰ কোনো গড়কাপ্তানী পথত নাথাকিব এখনো কাঠৰ দলং। এই ঘোষণা বিত্ত স্বাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

সোমবাৰে দিচপুৰৰ গড়কাপ্তানী বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত বিজেপিৰ বিধায়কসকলৰ সৈতে বিভাগটোৰ মন্ত্ৰী, বিষয়াৰ পৰ্যালোচনা বৈঠকৰ অন্তত এই বিষয়ে সাংবাদিকক জানিবলৈ দিয়ে মন্ত্ৰী ড০ শৰ্মাই।

তেওঁ কয়, “২০০১ চনৰ পৰা ২০১৭ চনলৈ ৰাজ্যত নিৰ্মাণ কৰা পথসমূহ মেৰামতি কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। ইয়াৰ উপৰি কেইবাটাও নতুন গুৰুত্বপূৰ্ণ পথৰ কাম কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। বিধায়কসকলৰ পৰা এই পথসমূহৰ তালিকা লাভ কৰাৰ পাছতেই আমি প্ৰাককলন(estimate)  প্ৰস্তুত কৰি বানপানী শেষ হোৱাৰ পাছতেই কামবোৰ আৰম্ভ কৰাৰ ব্যৱস্থা ল’ম।” 

উল্লেখযোগ্য যে, এই বৈঠকতে বিধায়কসকলক অহা ১৫ জুলাইৰ ভিতৰত নিজৰ নিজৰ সমষ্টিৰ নিৰ্মাণ বা মেৰামতি কৰিবলগীয়া পথসমূহৰ তালিকা বিভাগক দাখিল কৰাৰ নিৰ্দেশ দিয়া হয় বুলিও মন্ত্ৰী ড০ হিমন্ত বিশব শৰ্মাই জানিবলৈ দিয়ে।

আনহাতে অহা ৭ জুলাইত অসম গণ পৰিষদ আৰু এই মাহৰ ভিতৰতে আন আন দলৰ বিধায়কসকলৰ লগতো এইদৰে গড়কাপ্তানী মন্ত্ৰী আৰু বিভাগটোৰ বিষয়াসকলৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি তেওঁলোকৰ সমষ্টিৰ গড়কাপ্তানী পথসমূহৰো বুজ ল’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

ৰাজ্য চৰকাৰখনে কিমান কিলোমিটাৰ পথ নিৰ্মাণ কৰিব আৰু তাৰ বাবে কিমান পুঁজি খৰচ হ’ব সেয়া এতিয়াই থিৰাং কৰা নাই বুলি জানিবলৈ দি ড০ শৰ্মাই কয় যে বিধায়কসকলে নিৰ্মাণ আৰু মেৰামতি কৰিব লগীয়া পথসমূহৰ তালিকা জমা দিয়াৰ পাছতহে কিমান কিলোমিটাৰ পথ নিৰ্মাণ কৰিব আৰু তাৰ বাবে কিমান পুঁজিৰ প্ৰয়োজন হ’ব সেয়া চৰকাৰে ধাৰ্য কৰিব।

ইপিনে, এই পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ অন্তত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ৩৩খন জিলাৰ প্ৰতিটো সমষ্টিৰ ৰাস্তা-পদূলি আধুনিক ৰূপত নিৰ্মাণ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

মুখ্য মন্ত্ৰীয়ে কয়, “যাতায়াত আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী ৰূপত গঢ় দিয়াটো এইখন চৰকাৰৰ মূল উদ্দেশ্য। কাৰণ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী হ’লেহে অৰ্থনীতি, শিক্ষা, বাণিজ্য আদি সকলো দিশত এখন সমাজ আগবাঢ়ি যাব পাৰে।” তেওঁ লগতে কয়, “২০২০ চনৰ ভিতৰত ৰাজ্যখনৰ সকলো প্ৰধান পথ পকী কৰা হ’ব। এই ক্ষেত্ৰত বিধায়কসকলে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগিব।”

এই পথবোৰ নিৰ্মাণৰ ঠিকা আবণ্টনৰ বাবে এই বাৰিষাৰ ভিতৰতে নিবিদা গ্ৰহণৰ কাম সম্পূৰ্ণ হ’ব বুলিও তেওঁ কয়। ইয়াৰ উপৰি পূৰ্বৰ দৰে পথসমূহ নিৰ্মাণৰ ছমাহৰ ভিতৰতে যাতে জৰাজীৰ্ণ ৰূপ নলয়, তাৰো ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ মন্তব্য কৰে।