NORTHEAST NOW (Assamese)

বিজয় ৰুপানিৰ শপতগ্ৰহণ অনুষ্ঠানত ভাগ ল’লে উত্তৰ-পূবৰ তিনি মুখ্য মন্ত্ৰীয়ে

December 26, 2017 10:22 pm · এন ই নাও নিউজ

সদ্যসমাপ্ত নিৰ্বাচনত বিজেপিয়ে গুজৰাটত একেৰাহে ষষ্ঠবাৰলৈ শাসনভাৰ লাভ কৰাৰ পিছত মুখ্য মন্ত্ৰী বিজয় ৰুপানিৰ শপতগ্ৰহণ অনুষ্ঠানটোত দেশৰ বিজেপি শাসিত আন ১৮ খন ৰাজ্যৰ মুখ্য মন্ত্ৰীসকল উপস্থিত থাকে। অনুষ্ঠানটোত উপস্থিত থাকিবৰ বাবে উত্তৰ-পূবৰ বিজেপিশাসিত তিনিখন ৰাজ্যৰ মুখ্য মন্ত্ৰী ক্ৰমে অসমৰ সৰ্বানন্দ সোণোৱাল, মণিপুৰৰ এন বীৰেন সিং আৰু অৰুণাচল প্ৰদেশৰ পেমা খাণ্ডুও আজি পুৱাই গুজৰাটৰ আহমেদাবাদ চহৰ অভিমুখে উৰা মাৰিল। অনুষ্ঠানটোত ভাগ লোৱাৰ পিছত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ টুইটাৰত কয়, ‘গুজৰাটৰ মুখ্য মন্ত্ৰী হিচাপে বিজয় ৰুপানিৰ শপতগ্ৰহণ অনুষ্ঠানত বিভিন্ন কেন্দ্ৰীয় নেতা তথা অন্যান্য ৰাজ্যৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে উপস্থিত থাকি গৌৰৱিত অনুভৱ কৰিছো।’ আন এটা টুইটত তেওঁ কয়, ‘প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ তত্ত্বাৱধানত আৰু গতিশীল দলটোৰ নেতৃত্বত গুজৰাট এক নতুন স্তৰত উপনীত হ’ব।’

‘আপোনাৰ নেতৃত্বত ৰাজ্যখনে বিকাশৰ এক নতুন শিখৰলৈ গতি কৰিব। মোৰ শুভেচ্ছা থাকিল।’ নিজৰ টুইটত এইদৰে কয় অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে।

আনহাতে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে কয়, ‘গুজৰাটে বিজয় ৰুপানিৰ যোগ্য নেতৃত্বত বিকাশৰ পথত ইয়াৰ গতি অব্যাহত ৰাখিব।’

Related News