• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিএডিত অ-জনজাতিৰ বাবে ভূমিৰ অধিকাৰৰ দাবীত ওদালগুৰিত বিশাল প্ৰতিবাদী সমদল

চাজিদ খান by চাজিদ খান
March 7, 2018 10:30 pm
Protest-against-Hagrama-Mohilary-570x320

বুধবাৰে ওদালগুৰিৰ মাজবাটত প্ৰতিবাদী সভাৰ দৃশ্য

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিএডিৰ বিভিন্ন অংশত বিটিএডিত বাস কৰা অ-জনজাতি লোকসকলৰ বাবে ভূমিৰ অধিকাৰৰ দাবীত আয়োজন কৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বুধবাৰে ওদালগুৰিত প্ৰায় ৮,০০০ লোকে এক প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে বাপুজী প্ৰকল্পৰ পৰা সমদল উলিয়াই ওদালগুৰিৰ মাজবাট চহৰৰ মাজেৰে এ-জনজাতিসকলৰ সমান ভূমিৰ অধিকাৰৰ দাবীত শ্ল’গান দিয়ে। বুধবাৰে প্ৰতিবাদকাৰীসকলে অলপতে বিটিচি কেবিনেটে অঞ্চলটোত বাস কৰা অ-জনজাতি লোকসকলৰ ভূমিৰ অধিকাৰ কৰ্তন কৰাৰ সিদ্ধান্ত বিটিচি কৰ্তৃপক্ষক পুনৰ্বিবেচনা কৰাৰ দাবী জনায়।

Apply Now

প্ৰতিবাদী সমদলটোত অংশগ্ৰহণ কৰে অসম চাহ জনজাতি ছাত্ৰসন্থা (আটছা)ৰ মাজবাট শাখাৰ সৈতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ স্থানীয় শাখা, সদৌ অসম ছাত্ৰ সন্থা (আছু), সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু), সদৌ ৰাভা ছাত্ৰ সন্থা (আৰছু), অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (এ জে ৱাই চি পি), সদ্য অসম সংখ্যালঘু ছাত্ৰ সন্থা (আমছু) আৰু কলিতা জনগোষ্ঠী।

প্ৰতিবাদী সমদলৰ সময়ত হেজাৰ হেজাৰ প্ৰতিবাদকাৰীয়ে ‘বিপিএফ গ’ বেক’, ‘আমাক আমাৰ মাটি লাগে’, ‘বিটিচি ভংগ কৰক’ আদি শ্ল’গান দিয়াৰ লগতে ‘হাগ্ৰামাক বৰ্জন কৰক’, নতুন ভূমি আইনৰ ষড়যন্ত্ৰ নচলিব’, ইত্যাদি বেনাৰ দাঙি ধৰে।

বিশাল সমদলটো মাজবাটৰ ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত সামৰণি পৰে।

Protest-against-Hagrama-Mohilary-1-e1520432030666-768x457
বুধবাৰে ওদালগুৰিৰ মাজবাটত প্ৰতিবাদী সভাৰ দৃশ্য

 

 

প্ৰতিবাদী সমদল শেষ হোৱাৰ পিছত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয়। সভাত আছাৰ সভাপতি মেলখাছ টপ্প, অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাৰ লগতে আগছুৰ স্থানীয় নেতাসকলে ভাষণ দিয়ে।

প্ৰতিবাদকাৰীসকলে লগতে অসমৰ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ  সম্বোধন কৰি লিখা এখন স্মাৰক পত্ৰ মাজবাটৰ ৰাজহ চক্ৰ বিষয়া ধৃতিমান দাসৰ হাতত অৰ্পন কৰে।

স্মাৰক পত্ৰখনত কোৱা হৈছে যে জনজাতীয় বেষ্টনি আৰু খণ্ডত  চাহ জনজাতি, চাওতাল, কোচ-ৰাজবংশী, নাথ-যোগী, গোৰ্খাৰ দৰে পিছপৰা আৰু সংৰক্ষিত খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কিন্তু বিটিচি কেবিনেটে বিটিচি অঞ্চলত তেওঁলোকক অ-জনজাতি হিচাপে বিবেচনা কৰি তেওঁলোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচৰা হৈছে।

স্মাৰক পত্ৰখনত লগতে বিটিচি কেবিনেটৰ পদক্ষেপক  বিটিএডিৰ পৰা অ-জনজাততীয় লোকসকলক উচ্ছেদ কৰাৰ এক ষড়যন্ত্ৰ বুলি অভিহিত কৰা হৈছে আৰু বিটিএডিত বাস কৰা অ-জনজাতীয় লোকসকলক সমান ভূমিৰ অধিকাৰ প্ৰদান কৰি আৰ্থ-সামাজিক অধিকাৰসমূহ সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd