বিটিএডিৰ কুন্দামাৰী গাঁৱত বাৰ্মিজ ৰক পাইথন উদ্ধাৰ কৰি গতালে বন বিভাগক

Python rescued

প্ৰতিনিধিত্বমূলক চিত্ৰ

বিটিএডিৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত কুন্দামাৰী গাঁৱত এডাল  বাৰ্মিজ ৰক পাইথন প্ৰজাতিৰ( Python molurus bivittatus) অজগৰ   উদ্ধাৰ হৈছে।

অজগৰ ডাল প্ৰায় ৯ফুট দীঘল আৰু ওজন প্ৰায় ১০ কেজি হ’ব। অজগৰডালক উদ্ভাৰ কৰে কৃপানন্দ বৰগয়াৰী নামৰ এগৰাকী ব্যক্তিয়ে।

কৃপানন্দ বৰগয়াৰীয়ে জানিবলৈ দিছে যে বাকছা জিলাৰ ছিমলা আৰক্ষী থানাৰ অন্তৰ্গত কোকলাবাৰীৰ কুন্দামাৰী গাঁৱত ধানখেতিৰ মাজত গাঁওবাসীয়ে মাৰি পেলাব খোজা অজগৰডাল তেওঁ উদ্ধাৰ কৰে।

তেওঁলোকে অজগৰডাল মাৰি পেলাবলৈ বাৰণ কৰে আৰু বন বিষয়াসকলৰ হাতত ইয়াক জমা দিয়ে।

বৰগয়াৰীয়ে আৰু কৈছে যে তেওঁলোকে অজগৰডাল বাকছাৰ বন বিভাগৰ ওচৰত জমা দিয়ে। পাছত বন বিভাগৰ লোকে অজগৰডাল কোকৰাঝাৰলৈ লৈ আনে।

আজি অজগৰডাল কোকৰাঝাৰৰ বন্যপ্ৰাণী বিভাগৰ হাতত অৰ্পণ কৰা হয়। অজগৰডালক চক্ৰশীলা বন্যপ্ৰাণী অভয়াৰণ্যত মেলি দিয়া হ’ব বন বিভাগৰ লোকে জনাইছে।

চক্ৰশীলা বন্যপ্ৰাণী অভয়াৰণ্যৰ এগৰাকী বন বিষয়াই জনাইছে যে তেওঁলোকে এডাল অজগৰডাল উদ্ধাৰ হোৱাৰ  বাতৰি লাভ কৰি ছুডেমপুৰি কোকৰাঝাৰ ক্লাবত বৰগয়াৰীৰ হাতৰ পৰা অজগৰডাল তেওঁলোকৰ জিম্মাত গ্ৰহণ কৰিছে।

তেওঁলোকে আৰু কৈছে যে অজগৰডাল তেওঁলোকে কোকৰাঝাৰৰ চক্ৰশালা বন্যপ্ৰাণী অভয়াৰণ্যত মেলি দিব।