শোচনীয় বাট-পথ মেৰামতিৰ দাবীত আজি কোকৰাঝাৰত মধ্য চেচাপানী নিম্ন প্ৰথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, বিভিন্ন গাঁৱৰ জনতা, ৰিলিজিয়াছ মাইন’ৰিটি কাউন্সিল, সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা আৰু আমছুৰ সদস্যসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে ৰাজ্য চৰকাৰ, বিটিচি প্ৰশাসন তথা কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াক চেচাপানীৰ উক্ত বিদ্যালয়সমূহলৈ যোৱা পথটো মেৰামতি কৰি দিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদটোত সকলোৱে একেমুখে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান আওৰোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী তথা সৰ্বসাধাৰণ লোকসকলৰ যাতায়াতত যাতে কোনো ধৰণৰ ব্যাঘাট নজন্মে তাৰ বাবে অনতি পলমে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী তোলে।
অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, সাংসদ শৰণীয়া মূৰ্দাবাদ, হাগ্ৰামা মহিলাৰী গো বেক আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।
ৰিলিজিয়াছ মাইন’ৰিটি কাউন্সিলৰ কোকৰাঝাৰ জিলা সম্পাদক ইব্ৰাহীম ভূঞাই সংবাদকৰ্মীৰ আগত মন্তব্য কৰি কয় যে শোচনীয় বাট-পথ মেৰামতি কৰাৰ দাবীতে আজি আমি এইদৰে ৰাজপথলৈ ওলাই আহিছো।
তাৎপৰ্যপূৰ্ণভাৱে প্ৰতিবাদকাৰীসকলে কয় যে যদিহে ৰাজ্য চৰকাৰ তথা বিটিচি প্ৰশাসনে আমাৰ এই সমস্যা সমূহ সমাধান নকৰে তেনেহ’লে আমি আগন্তুক ২০১৯ চনৰ লোকসভা নিৰ্বাচন বৰ্জন কৰিবলৈ বাধ্য হ’ম।
অসম চৰকাৰ, বিটিচি চৰকাৰ আৰু নৱ শৰণীয়াক বাট-পথ মেৰামতি কৰি সূচল যাতায়াতৰ সুবিধা কৰি দিয়াৰ বাবে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে আহ্বান জনায়।