বিদ্যালয়ৰ গাড়ী চালকৰ অতি কমেও পাঁচবছৰীয়া অভিজ্ঞতা থকাটো বাঞ্চনীয়ঃ গৌতম দাস

Drivers

যিসকল চালকৰ গাড়ী চলোৱাৰ অতি কমেও পাঁচ বছৰীয়া অভিজ্ঞতা নাথাকে তেনে চালকক বিদ্যালয় কৰ্তৃপক্ষই চালক হিচাপে নিযুক্তি দিব নালাগে।— এই মন্তব্য বৰপেটা জিলা পৰিবহণ বিষয়া গৌতম দাসৰ।

উল্লেখযোগ্য যে শেহতীয়াভাৱে উত্তৰপ্ৰদেশত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত মৃত্যু হোৱা ১৩ ছাত্ৰ- ছাত্ৰীৰ সোঁৱৰণত যোৱা শুকুৰবাৰে বৰপেটা জিলা পৰিবহন বিভাগৰ উদ্যোগত টাউন পাঁচআলিত এখন শোক সভা অনুষ্ঠিত কৰা হয়।

এই সভাখনত উপস্থিত থাকি পৰিবহন বিষয়া দাসে সংশ্লিষ্ট বিদ্যালয় কৰ্তৃপক্ষ সমূহক নিৰ্দেশ দি কয়— ‘কোনো বিদ্যালয় কৰ্তৃপক্ষই পাঁচ বছৰৰ অভিজ্ঞতা নথকা চালকক নিযুক্তি দিব নালাগে। আনহাতে পৰিবহন বিষয়া গৰাকীয়ে চালকসকলক কোনো ধৰণৰ কথাত প্ৰৰোচিত নহৈ নীতি নিয়ম মানি বাহন চলাবলৈ আহ্বান জনায়।

আনহাত ভাষণ প্ৰসংগত তেওঁ কয় যে ভাৰতত প্ৰতি বছৰে প্ৰায় ১.৫ লাখ লোকে পথ দুৰ্ঘটনাৰ কবলত পৰি মৃত্যুমুখত পৰে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে শোকসভাখনত বৰপেটা জিলাৰ উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া, চৰকাৰী কৰ্মচাৰীৰ লগতে বহু সংখ্যক স্থানীয় নাগৰিক উপস্থিত আছিল। উপস্থিত সকলোৱে এক মিনিট সময় মৌনতা অৱলম্বন কৰি মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।