বিদ্যালয়ৰ চৌহদৰ পৰাই দুগৰাকীকৈ ছাত্ৰী অপহৰণৰ ঘটনাত উদ্বিগ্ন তেজপুৰৰ অভিভাৱক সমাজ

Kidnap

তেজপুৰৰ চাৰিমাইলৰ এখন উল্লেখযোগ্য ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ চৌহদৰ পৰাই দুগৰাকীকৈ ছাত্ৰী অপহৃত হোৱাৰ ঘটনাই এতিয়াও অঞ্চলটোৰ অভিভাৱকসকলক এতিয়াও চিন্তিত কৰি ৰাখিছে। এজন সাধাৰণ টেম্প’ চালকে দুগৰাকীকৈ ছাত্ৰীক কেনেকৈ বিদ্যালয়ৰ শ্ৰেণী চলি থকাৰ সময়ত অপহৰণ কৰি নিব পাৰিলে সেই লৈ প্ৰশ্ন উঠিছে। আনহাতে বিদ্যালয় কৰ্তৃপক্ষই কথাটো গাপ দিব বিচৰাটোতো অভিভাৱকসকল ক্ষুণ্ণ হৈছে।

উল্লেখযোগ্য যে কালি তেজপুৰৰ চাৰিমাইলত থকা ছেইণ্ট মেৰিজ স্কুলৰ পৰা পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ দুগৰাকী ছাত্ৰীক অপহৰণ কৰি নিছিল এজন দুৰ্বৃত্তই। পিছত শোণিতপুৰ আৰক্ষী আৰু ঠেলামৰা আৰক্ষীৰ তৎপৰতাত ছাত্ৰী দুগৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হ’ল যদিও ঘটনাটোৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে।

আনহাতে ধৃত জাকিৰ হুছেইনৰ নাৰী সৰবৰাহকাৰীৰ সৈতে সম্পৰ্ক আছে নেকি তাৰ অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। জেৰাত জাকিৰ হুছেইনে স্বীকাৰ কৰামতে তেওঁ ছোৱালী দুজনীক নি ঠেলামৰাত হাফিজ নামৰ এজন ব্যক্তিৰ হাতত তুলি দিয়াৰ কথা আছিল। ইয়াৰ বাবে তেওঁ ২ হাজাৰ টকা পোৱাৰ বন্দৱস্ত আছিল।

অভিভাৱকসকলে অভিযোগ কৰা মতে, ঘটনাটো ঘটাৰ পিছতো বিদ্যালয় কৰ্তৃপক্ষই ইয়াক লুকুৱাই ৰখাৰ চেষ্টা কৰিছিল। স্থানীয় একাংশ লোকৰ হেঁচাতহে আৰক্ষীক অৱগত কৰিবলৈ বাধ্য হয় স্কুল কৰ্তৃপক্ষ। ইয়াৰোপৰি সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ লগে লগে অধ্যক্ষকে ধৰি শিক্ষক-শিক্ষয়িত্ৰীসকল শ্ৰেণীত সোমাই দুৱাৰ বন্ধ কৰি ৰাখে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে কিছু দিনৰ পূৰ্বে গুৱাহাটী মহানগৰীতো এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা এটি শিশুক অপহৰণ কৰা হৈছিল। পিছত আৰক্ষীয়ে সুস্থ অৱস্থাত শিশুটিক উদ্ধাৰ কৰিছিল।