অসম চৰকাৰে ৰাজ্যখনৰ সকলো বাট-পথ আৰু কাঠৰ দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়তে বজালী মহকুমাৰ সদৰ পাঠশালাৰ মাজমজিয়াত এখন বিধ্বস্ত কাঠৰ দলং সম্প্ৰতি মৰণফাণ্ডত পৰিণত হৈছে।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে শীঘ্ৰে কাঠৰ দলঙৰ প্ৰাককলন বিচাৰি গড়কাপ্তানি বিভাগক নিৰ্দেশ দিছে যদিও এই কাঠৰ দলঙখনক সম্প্ৰতি কোনো আঁচনিয়ে স্পৰ্শ নকৰাটো অতি পৰিতাপৰ কথা ৰূপে বিবেচিত হৈছে। মন কৰিবলগীয়া যে পাঠশালাৰ অন্যতম ব্যক্তিগত শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমিৰ সন্মুখতে এই বিধ্বস্ত কাঠৰ দলঙখন আছে। এই দলঙখনৰ ওপৰেৰে নিতৌ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বজালী মহাবিদ্যালয়, আনন্দৰাম বৰুৱা একাডেমি, কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, ভট্টদেৱ জাতীয় বিদ্যালয়, পাঠশালা শিক্ষাপীঠ আদিকে ধৰি বহুকেইখন স্কুল-কলেজৰ শ-শ ছাত্ৰ-ছাত্ৰীয়ে খোজকাঢ়ি, চাইকেল, বাইক আদিৰে অহা-যোৱা কৰে। তদুপৰি সৰু-ডাঙৰ স্কুল বাছকে ধৰি বিভিন্ন যান-বাহন এই দলঙখনৰ ওপৰেৰে পাৰ হৈ যায়।
কিন্তু এই দলঙখন ইমানেই বিধ্বস্ত হৈ পৰিছে যে কোন সময়ত ইয়াত বিপদ সংঘটিত হ’ব পাৰে তাৰ কোনো নিশ্চয়তা নাই। এই দলঙখনৰ বহন ক্ষমতা কিমান তাকো উল্লেখ কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই। বিগত সময়ছোৱাত কেইবাখনো চৰকাৰৰ কাৰ্যকাল পাৰ হ’ল যদিও এই কাঠৰ দলঙখন পকী নহ’ল।
পাটাছাৰকুছি সমষ্টিত কংগ্ৰেছ, বিজেপি, অগপকে ধৰি কেইবাজনো বিধায়ক ক্ষমতালৈ আহিল যদিও দলঙখন পকীকৰণৰ বাবে কাৰো চকুত নপৰিল। সম্প্ৰতি দলঙখনৰ দুয়োটা মূৰ বহি যোৱাৰ উপক্ৰম হৈছে। তদুপৰি বাৰিষাৰ সময়ত দলঙখনৰ পশ্চিম পথছোৱাত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ যাতায়াতৰ ক্ষেত্ৰত ভীষণ অসুবিধা সৃষ্টি কৰে।
এই সন্দৰ্ভত গড়কাপ্তানি বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি যিহেতু এই দলঙখন পাঠশালা নগৰৰ ভিতৰত অন্তৰ্ভূক্ত বুলি উল্লেখ কৰি ইয়াৰ দায়িত্ব পাঠশালা নগৰ সমিতিৰ বুলি কৈহে দায়িত্ব সামৰা হৈছে। ইপিনে পাঠশালাৰ নগৰ সমিতিৰ অধ্যক্ষ হিমাংশু ৰয়ে জানিবলৈ দিয়া অনুসৰি এই বিধ্বস্ত দলঙখন নিৰ্মাণৰ বাবে ইতিমধ্যে গড়কাপ্তানি বিভাগ আৰু নগৰ উন্নয়ন বিভাগক অনুৰোধ জনাই সুকীয়া সুকীয়াকৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।
আনহাতে এই দলঙখন শীঘ্ৰে ভগ্ন অংশ মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰিব বুলি পাঠশালা নগৰ সমিতিৰ অধ্যক্ষ হিমাংশু ৰয়ে সদৰী কৰিছে। ইপিনে স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকা, সাংসদ চিৰাজউদ্দিন আজমল, গড়কাপ্তানি বিভাগ নাইবা পাঠশালা নগৰ সমিতিয়ে এই দলঙখন নিৰ্মাণৰ ক্ষেত্ৰত কিবা যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিব নে সেয়া পাঠশালা নগৰবাসীৰ বাবে লাখটকীয়া প্ৰশ্ন হৈ পৰিছে।