বিশ্বনাথত কাৰ্বি লক্ষীমন সংঘৰ ধৰ্মীয় আলোচনা সভা সম্পন্ন

Lokhimon Sangha

কাৰ্বি ধৰ্মীয় অনুষ্ঠান ‘কেথম দৱান লংৰি ৰিচ’ এজাং চিংৰাম আমেই’ৰ উদ্যোগত আৰু লক্ষীমন সংঘৰ সহযোগত আজি বিশ্বনাথ চাৰিআলিৰ বীণাপানি নাট্য সমাজৰ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে এক ধৰ্মীয় আলোচনা সভা অনুষ্ঠিত হয়।

অসম আৰু অৰুণাচল প্ৰদেশক সামৰি অনুষ্ঠিত হোৱা কাৰ্বি লক্ষীমন সংঘৰ ধৰ্মীয় আলোচনা সভাত কাৰ্বি সমাজৰ ধৰ্ম প্ৰৱৰ্তক ধৰ্মগুৰু লক্ষণ ইংতি হেনচেকে প্ৰচাৰ কৰা ধৰ্মবানীৰে সমাজত শান্তি প্ৰতিষ্ঠা কৰা, অন্ধ বিশ্বাস আঁতৰ কৰা, সৎকৰ্মৰে জীৱন নিৰ্বাহ কৰা আদিৰ ওপৰত বিশদ ভাৱে আলোচনা কৰা হয়।

কেথম দৱান লংৰি ৰিচ’ এজাং চিংৰাম আমেইৰ সাধাৰন সম্পাদক থান ইংতিয়ে আত ধৰা আৰু আমেইৰ সভাপতি সিভা টেৰণৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা সভাত লক্ষীমন সংঘৰ সভাপতি বলোৰাম ফাংচো, সংঘৰ মহিলা সমিতিৰ অনিমা কিলিঙপি, বীৰচিং লেকথ, ৰাজেন্দ্ৰ ক্ৰ’, আদি উপস্থিত থাকে।

সভাত অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ, গহপুৰ, বিহালী, বালিপৰা আদি অঞ্চলৰ প্ৰায় দুই সহস্ৰাধিক লোক উপস্থিত আছিল।