আজি যোৱা নিশা ভয়াবহ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে বিশ্বনাথ চহৰ। বিশ্বনাথৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী সত্বৰ সিং পাৱাৰৰ AS 01 BU 0495 নম্বৰৰ Scorpio গাড়ীখত অচিনাক্ত দুৰ্বৃত্তই যোৱা নিশা পে’ট্ৰল ঢালি অগ্নিসংযোগৰ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে সত্বৰ সিঙৰ গাড়ীখন নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ দুৱাৰমুখত ৰখাই থোৱা অৱস্থাত কোনো দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰি পলায়ন কৰে। তাৰ কেইমুহূৰ্তৰ পিছতে স্থানীয় ৰাইজে দেখি তৎপৰতাৰে গাড়ীখনৰ জুই নুমুৱাই বাহনখন বচোৱাৰ লগতে বিশ্বনাথ চাৰিআলি চহৰখনক সম্ভাব্য অগ্নিকাণ্ডৰ পৰা বচায়।
মন কৰিব লগীয়া বিষয় যে ইফালে পাৱাৰৰ ঘৰত থকা AS-01- DP3665 নম্বৰৰ Verna-খনো কালি নিশা দুৰ্বৃত্তই আক্ৰমণ কৰি ক্ষতিগ্ৰস্ত কৰে। বিশেষকৈ এই আক্ৰমণৰ লগত জড়িত সত্যজিৎ তামুলী নামৰ যুৱকজনৰ ওপৰত গাড়ীখন ভঙাৰো অভিযোগ আনিছে।
জানিব পৰা মতে, সত্যজিৎ তামুলীয়ে নিশা বাৰ মান বজাত সত্বৰ সিঙৰ ফ্লেটৰ তলত হিন্দী চিনেমাৰ কায়দাৰে উপস্থিত হৈ চকীদাৰ গোবিন দাসৰ মূৰত পিষ্টল লগাই মনে মনে থাকিবলৈ কৈ ফ্লেটৰ তলত থকা গাড়ীখন ভাঙি সেই স্থানৰ পৰা গুচি গৈছিল বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে নৈশ চকীদাৰ গোবিন দাসে।
এইদৰে একেজন ব্যক্তিৰে একে নিশাই দুখনকৈ গাড়ীত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে। দুয়োটা ঘটনাই সত্যজিৎ তামুলীয়ে সংঘটিত কৰিলে নে আন কোনো লোকে কৰিলে সেই লৈ স্থানীয় লোকৰ মনত প্ৰশ্নৰ উদয় হৈছে। আনহাতে সত্যজিৎ তামুলীৰ হাতলৈ অবৈধ আগ্নেয়াস্ত্ৰ ক’ৰ পৰা আহিল বুলিও প্ৰশ্ন কৰিছে স্থানীয় ৰাইজে।