NORTHEAST NOW (Assamese)

বিশ্বনাথৰ কেটলা চাহ বাগিচাত জঘন্য হত্যাকাণ্ড, এজনক আটক

April 7, 2018 11:06 pm · কাজি জেইদুল ইছলাম

বিহালীৰ বৰগাং আৰক্ষী থানাৰ অন্তৰ্গত কেটেলা চাহ বাগিচাৰ ৪ নং লাইনত কালি নিশা সংঘটিত এক জঘন্য হত্যাকাণ্ডৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাটো সন্দৰ্ভত বৰগাং আৰক্ষীয়ে ইতিমধ্যে সুভাষ লোহাৰ নামৰ এজন লোকক আটক কৰিছে।

উল্লেখযোগ্য যে কালি নিশা বাগিচাখনৰ ৰূপা কৰ্মকাৰ নামৰ এগৰাকী তিনিটা সন্তানৰ মাতৃৰ মৃতদেহ নিজা বাসগৃহত চিপজৰী লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল।

মৃত মহিলা গৰাকীৰ দেহৰ বিভিন্ন অংশৰ লগতে বাসগৃহৰ মজিয়াতো তেজৰ স্পষ্ট দাগৰ প্ৰতি লক্ষ্য ৰাখি দুষ্কৃতিকাৰীয়ে প্ৰথমে হত্যা কৰি তেওঁক চিপজৰী লগাই দিয়া বুলি স্থানীয় লোকে সন্দেহ কৰিছে ৷

জানিব পৰা মতে মৃত মহিলা গৰাকীৰ ৬ বছৰীয়া সন্তানটিয়ে দিয়া সাক্ষ্যৰ ভিত্তিত সুভাষ লোহাৰ নামৰ অভিযুক্তজনক আৰক্ষীয়ে আটক কৰে।

আনহাতে উক্ত ঘটনাৰ পূৰ্বে মহিলা গৰাকীয়ে চুবুৰীয়াৰ স’তে কাজিয়াত লিপ্ত হৈছিল বুলি জানিব পৰা গৈছে ৷

আদিবাসী  ছাত্ৰ সন্থাই উক্ত ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে ৷ উল্লেখযোগ্য যে নিহত মহিলা গৰাকীৰ স্বামী কৰ্মসূত্ৰে বৰ্তমান অৰুণাচলত আছে ৷

Related News