• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণালী জয়ন্তী বৰ্ষ উদযাপনত অসম কৃষি বিশ্ববিদ্যালয়ৰ বৈষম্যৰ মনোভাব

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
April 7, 2018 11:03 pm
Vet-3-570x320
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

সোণালী জয়ন্তীবৰ্ষ কাৰ্য্যসূচী উলহ-মালহেৰে উদযাপন কৰি থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাট আৰু খানাপাৰাৰ প্ৰতিষ্ঠানৰ মাজত এই কাৰ্য্যসূচী আয়োজনৰ ক্ষেত্ৰত বৃহৎ পাৰ্থক্য দেখা পোৱা গৈছে।

Apply Now

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত ইয়াক মহা আড়ম্বৰেৰে উদযাপন কৰা দেখা পোৱাৰ বিপৰীতে খানাপাৰাৰ চৌহদত তেনেই অনুষ্টুপীয়া কাৰ্য্যসূচীৰ মাজেৰে এই স্বৰ্ণজয়ন্তী বৰ্ষ উদযাপন কৰা দেখা গ’ল।

উল্লেখযোগ্য যে যোৱা ১ এপ্ৰিলত অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ ৫০ বছৰ পূৰ্ণ হ’ল। এই উপলক্ষে যোৰাহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য কে এম বুজৰবৰুৱাৰ দ্বাৰা এখন নৱনিৰ্মিত ধেনুভিৰীয়া প্ৰৱেশদ্বাৰ উন্মোচন কৰা হৈছিল। লগতে যোৰহাট চহৰৰ মাজেৰে বৰ্ণিল শোভাযাত্ৰা উলিওৱা হৈছিল, য’ত প্ৰায় ৩ হাজাৰ অংশ গ্ৰহণকাৰীয়ে ভাগ লৈছিল। আনহাতে অহা ১৭ তাৰিখৰ সামৰণি কাৰ্য্যসূচীত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু উপস্থিত থকাৰ কথা।

কিন্তু আশ্চৰ্য্যৰ কথা যে এই স্বৰ্ণজয়ন্তী খানাপাৰাস্থিত পশুচিকিৎসা মহাবিদ্যালয় চৌহদত তেনেই উৎসাহ-উদ্দীপনা বিহীনভাৱে কৰা দেখা গ’ল।

‘নতুন ধেনুভিৰীয়া প্ৰৱেশদ্বাৰৰ কথা বাদেই দিয়ক। মহাবিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰৰ পৰা প্ৰতীকটোৱেই নোহোৱা হৈ আছে আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সমূলি গুৰুত্ব নাই।’ কাব্যজ্যোতি বৰা নামৰ মহাবিদ্যালয়খনৰ এজন প্ৰাক্তন ছাত্ৰই নৰ্থ-ইষ্ট নাওক জনালে।

তেওঁ কয় যে প্ৰতীকটো হ’ল ইয়াৰ পৰা বিগত ৫০ বছৰত পঢ়ি ওলাই যোৱা হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা গৌৰৱৰ চিন। মন কৰিব লগীয়া কথাটো হ’ল অসম কৃষি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্যজনো হ’ল এইখন মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ।

AAU-Jorhat-300x153

‘নাজানো এই লজ্জাজনক অৱস্থাৰ বাবে দায়ী কোন। কিন্তু বিশ্ববিদ্যালয় ব্যৱস্থাপনাই মূল প্ৰৱেশদ্বাৰত এই প্ৰতীকটো পুনৰ স্থাপন কৰাৰ বাবে তৎকালে ব্যৱস্থা ল’ব লাগে।’ বৰাই কয়। লগতে তেওঁ কয় যে পশুচিকিৎসা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসমাজে এই প্ৰতীকটো স্থাপনৰ বাবে সকলোৱে হাত উজান দিব লাগে।

আনহাতে অসম কৃষি বিশ্ববিদ্যালয়ৰ মুখপাত্ৰ ৰঞ্জিত কুমাৰ ছৌদৰ সৈতে যোগাযোগ কৰাত জানিবলৈ দিয়ে যে পশুচিকিৎসা মহাবিদ্যালয়খনৰ প্ৰতীকটো যে মূল প্ৰৱেশদ্বাৰৰ পৰা হেৰাইছে সেই কথা তেওঁ গম নাপায়।

‘মই উপাচাৰ্য্যৰ সৈতে কথা পাতিম আৰু খানাপাৰাৰ মহাবিদ্যালয়খনৰ পৰা প্ৰতীক হেৰোৱাৰ কাৰণ বিচাৰি উলিয়াম।’ ছৌদে কয়। তেওঁ আৰু কয় যে অসম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰাত এখন ধেনুভিৰীয়া প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা আছে নে নাই তেওঁ নাজানে। তেওঁ কয় যে মূল কেন্দ্ৰ হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাট কেম্পাছত নতুনকৈ নিৰ্মাণ কৰা ধেনুভিৰীয়া প্ৰৱেশদ্বাৰখন গুৰুত্বপূৰ্ণ।

মন কৰিব লগীয়া যে যোৱা ১ এপ্ৰিলত খানাপাৰাৰ অসম কৃষি বিশ্ববিদ্যালয় কেম্পাছত পতাকা উত্তোলন কাৰ্য্যসূচীৰে অতি অনুষ্টুপীয়াকৈ স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপন কৰা হয়। এই উপলক্ষে প্ৰতিষ্ঠা দিৱস বক্তৃতানুষ্ঠান এটা পতা হৈছিল, য’ত অৱসৰপ্ৰাপ্ত আমোলা আৰ কে দাস উপস্থিত আছিল।

আনহাতে খানাপাৰা পশুচিকিৎসা মহাবিদ্যালয়ৰ পৰা ওলোৱা পশুচিকিৎসকৰ বৃহৎ সংখ্যকে কৃষি মহাবিদ্যালয় আৰু কমিউনিটি ছায়েন্সৰ কলেজৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহখন যোৰহাটত পতাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সিদ্ধান্তত অসন্তুষ্টি ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে কমিউনিটি ছায়েন্সৰ কলেজৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহখন ৭ এপ্ৰিলত যোৰহাটত বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ অংশ হিচাপে অনুষ্ঠিত হৈ যায়। সমাৰোহখন বিভিন্ন ক্ষেত্ৰত কৰ্মৰত আৰু জড়িত খ্যাতিমান ব্যক্তিসকলৰ উপস্থিতিত জিলিকি উঠিছিল। তেওঁলোকৰ ভিতৰত অইল ইণ্ডিয়া লিমিটেডৰ বিত্ত বিভাগৰ সঞ্চালক ৰূপশিখা এছ বৰা, অভিনেত্ৰী চেতনা দাস আৰু শ্বিলং উচ্চ ন্যায়ালয়ৰ অধিবক্তা পূবালী বুজৰবৰুৱা আৰু ইনাৰ হুইলৰ প্ৰাক্তন অধ্যক্ষও আছিল। অনুষ্ঠানটোত ৪০০ মান প্ৰাক্তন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল।

‘কোনেও আমাক জনোৱা নাই যে অসম কৃষি বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী চলি আছে বুলি।’ এইদৰে আক্ষেপ কৰে মেঘালয়ৰ ছেৰেনবেল মোমিনে, যি এগৰাকী পশুচিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী আছিল। তেওঁ লগতে কয় যে খানাপাৰাত প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ পতা হ’লে কেইবা হাজাৰ প্ৰাক্তন শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিব পাৰিলে হেঁতেন।

উল্লেখ কৰিব পাৰি যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়খন প্ৰথমে ১৯৪৮ চনত নগাৱঁত স্থাপন কৰা হৈছিল। পিছত সেইখন গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়। ১৯৬৯ চনত এইখনক অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা গোট হিচাপে স্বীকৃতি দিয়া হয়।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd