বিশ্বনাথৰ সাপ্তাহিক বজাৰৰ কদৰ্যময় পৰিৱেশে জীয়াতু ভোগাইছে ৰাইজক। বিশ্বনাথ চাৰিআলি পৌৰসভাৰ অধীনৰ মধুপুৰত থকা এই সাপ্তাহিক বজাৰখন বোকাময় হৈ পৰাৰ বাবে এতিয়া অতিষ্ঠ হৈ পৰিছে গ্ৰাহক তথা ব্যৱসায়ী।
উল্লেখ্য যে এই বজাৰখনৰ কদৰ্যময় পৰিৱেশে এতিয়া বিশ্বনাথ চাৰিআলি পৌৰসভাৰ দায়িত্বজ্ঞানহীনতাক উদঙোৱা পৰিলক্ষিত হৈছে। কিয়নো বজাৰখনৰ বাবে বছৰি লাখ লাখ টকাৰ ‘টেণ্ডাৰ’ হয় আৰু পৌৰসভাই এইবজাৰৰ নামত লাভ কৰে লক্ষাধিক টকা। ইয়াৰ পাছতো বজাৰখনৰ উন্নয়নৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰে।
স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি বজাৰখনৰ উন্নয়নৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰে পৌৰসভাই। আনকি যি সকলে এই বজাৰৰ নিবিদা লাভ কৰিছে সেই সকলেও বজাৰখনৰ উন্নয়নৰ বাবে আজিলৈ কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। কেৱল বজাৰলৈ অহা বেপাৰীৰ পৰা ধন সংগ্ৰহ কৰাই যেন তেওঁলোকৰ প্ৰধান কাম। যাৰ বাবে এনেদৰে বোকাময় পৰিৱেশৰ মাজেৰেই গ্ৰাহক তথা বেপাৰীয়ে বজাৰলৈ অহা যোৱা কৰিবলগীয়া হৈছে।
উল্লেখ্য যে বিশ্বনাথৰ এই বজাৰ খনলৈ বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলৰ লগতে খাৰুপেটিয়া দলগাঁও আদি অঞ্চলৰ পৰাও বেপাৰী আহে। কিন্তু বজাৰ খনৰ এনে কদৰ্যময় পৰিৱেশৰ বাবেই এতিয়া ক্ৰেতা ৰাইজ বজাৰৰ ভিতৰত সোমাব নোৱাৰা অৱস্হা হৈছে। ইয়াৰ ফলত লোকচানৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰিছে ব্যৱসায়ীসকলে।
উল্লেখ্য যে বজাৰৰ নিবিদাৰ নামত বছৰি লাখ লাখ টকা লাভ কৰা পৌৰসভাই বজাৰখনৰ আন্তঃগাথনি উন্নয়নৰ বাবে কিয় একো ব্যৱস্থা গ্ৰহন নকৰে আৰু এই টকা সমূহ ক’ত যায় বুলিও একাংশ সচেতন ব্যক্তিয়ে প্ৰশ্ন উত্থাপন কৰিছে।