বিশ্বনাথ চাৰিআলি পৌৰসভাৰ প্ৰেক্ষাগৃহত আজি বিয়লি আয়োজিত এক অনুষ্ঠানত বিশ্বনাথ চাৰিআলি পৌৰসভাৰ এলেকাৰ অধীনৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ মাজত ৰাজসাহায্য অনুদান পত্ৰ আৰু চুক্তিপত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।
আজিৰ অনুষ্ঠানত চহৰখনৰ ১২ টা ৱাৰ্ডৰ প্ৰতিটোৰে এগৰাকীকৈ হিতাধিকাৰীক প্ৰতীকীভাৱে এই অনুদান আৰু চুক্তিপত্ৰসমূহ বিতৰণ কৰা হয়। অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ ৰামপ্ৰসাদ শৰ্মাই কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষমতালৈ অহাৰ কেইদিনমানৰ পিছতেই ২০১৪ চনৰ ৯ জুনত দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ লোকক আৱাসগৃহ প্ৰদানৰ বাবে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছিল। এই আঁচনি অনুসৰি ২০২২ চনত ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ সময়ত যাতে দেশৰ প্ৰতিগৰাকী নাগৰিকেই পকীঘৰত বাস কৰাৰ সুযোগ লাভ কৰে, তাৰ বাবে কাম কৰি থকা হৈছে।
আনহাতে অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই কয় যে ইয়াৰ অধীনত নিৰ্মিত গৃহসমূহৰ অগ্ৰগতি আৰু গুণগত মান এক তৃতীয় পক্ষই পৰীক্ষা কৰিব আৰু ভাৰত চৰকাৰৰ ওচৰত প্ৰত্যক্ষভাৱে ইয়াৰ প্ৰতিবেদন দাখিল কৰিব।
লগতে গৃহ নিৰ্মাণৰ বাবে আবণ্টিত ধন অন্য উদ্দেশ্যত ব্যয় কৰিলে আইন অনুসৰি বিহিত ব্যৱস্থা হাতত লোৱা হ’ব বুলিও উপায়ুকিত গৰাকীয়ে হিতাধিকাৰীসকলক সাৱধান কৰি দিয়ে।
বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা আঁচনিৰ প্ৰকল্প বিষয়া পাৰভেজ আমিনে নিজৰ ভাষণত আঁচনিখনৰ বিষয়ে সবিস্তাৰে বক্তব্য দাঙি ধৰি কয় যে গৃহ নিৰ্মাণৰ বাবে আবণ্টিত ২ লাখ টকাৰ ৰাজসাহায্য মুঠ চাৰিটা কিস্তিত প্ৰদান কৰা হ’ব। প্ৰতিটো কিস্তিৰ ধন উপযুক্তভাৱে আৰু সম্পূৰ্ণকৈ ব্যয় কৰা সাপেক্ষেহে পৰৱৰ্তী কিস্তিসমূহ মুকলি কৰি দিয়া হ’ব।
তাৰোপৰি হিতাধিকাৰীসকলৰ মাজত গোট গঠন কৰি দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ নিজৰ লগতে গোটৰ আন সদস্যসকলৰো গৃহ নিৰ্মাণকাৰ্যৰ ওপৰত চকু ৰাখিবলৈ সকলোকে আহ্বান জনায়।
বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সভানেত্ৰী ৰুলি শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত আজিৰ সভাত বিশ্বনাথৰ সহকাৰী আয়ুক্ত তথা পৌৰসভাৰ কাৰ্যবাহী বিষয়া প্ৰাঞ্জল দাসৰ লগতে পৌৰসভাৰ উপ-সভানেত্ৰী আৰু বিভিন্ন ৱাৰ্ডৰ সদস্যসকলো উপস্থিত থাকে।