NORTHEAST NOW (Assamese)

বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত প্ৰতিবাদৰ ধ্বনিৰে কঁপিল আকাশ-বতাহ

May 3, 2018 8:16 pm · কাজি জেইদুল ইছলাম
Updated: May 3, 2018 9:33 pm

বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত কালিৰ নিশাৰ পৰা অসমৰ পৰ্যটন স্থলী তথা কীৰ্তিচিহ্ন সমূহ ব্যক্তিগত খণ্ডক গতাব বিছৰা কাৰ্যৰ প্ৰতিবাদত বিশ্বনাথৰ আকাশ-বতাহ প্ৰতিবাদৰ ধ্বনিৰে কঁপাই তুলিছে বিভিন্ন সংগঠনে।

 নিশা টাই আহোমৰ পিছতে আজি পুৱা আছু আৰু বৰ্তমান দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ  কাৰ্যসূচী গ্ৰহণ কৰে।

 ইফালে আজি  সমগ্ৰ অসমৰ লগতে আমছুৰ  বিশ্বনাথ জিলা সমিতিয়েও বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এন আৰ চিৰ প্ৰসংগক লৈ দিনৰ ১১  বজাৰ পৰা এক বজালৈ মুখত ক’লা কাপোৰ বান্ধি দুঘণ্টীয়া মৌন অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে।

 সংগঠনটোৱে ধৰ্মঘট কাৰ্যসূচীত পঞ্চায়তৰ নথি পৰীক্ষণত উচ্চতম ন্যালয়ৰ নিৰ্দেশনা (SOP) আৰু এন আৰ চি কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া গাইডলাইন অৱমাননা কৰি নিজ মইমতালিৰে গাওঁ পঞ্চায়ত, চক্ৰ বিষয়াৰ প্ৰমাণ পত্ৰৰ পৰীক্ষণ কৰি অহা একাংশ বিষয়াক নিয়ন্ত্ৰণ কৰাৰ  দাবী জনায়।

Related News