যোৱা ২৬ এপ্ৰিলত সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত আজি বৃহস্পতিবাৰে বনবিভাগৰ দায়িত্ব গ্ৰহণ কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু নৱ কুমাৰ দলেই।
কাৰ্য্যালয় প্ৰৱেশৰ আগ মুহূৰ্তত প্ৰায় আধাঘন্টা সময় ধৰি পূজা-পাতল কৰাত ব্যস্ত হৈ পৰা দেখা গ’ল বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক।
পূজাৰ অন্তত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সংবাদ মাধ্যমত কয় ‘মই আৰু নৱ কুমাৰ দলেই এটা বিভাগৰ দায়িত্ব পাইছো। আমি কাৰ্য্যভাৰ লোৱাৰ আগতে ভাবিলো ঈশ্বৰক আৰাধনা কৰি বিভাগটোৰ দায়িত্ব ল’ব লাগে। সেয়েহে আমি এই বৃক্ষ পূজা ভাগ কৰিলো। শাস্ত্ৰ মতে কৈছে যে অচৈতব বৃক্ষৰ মূল ব্ৰহ্মা, কাণ্ডটো বিষ্ণু আৰু পত্ৰত মহাদেৱৰ অৱস্থান। আজি আমি একেলগে তিনিওজনক আৰাধনা কৰিলো। এই আৰাধনাৰ মাধ্যমেৰে আমি দুয়োজনে মিলি দায়িত্বভাৰ গ্ৰহণ কৰিলো, যাতে তেওঁলোকৰ কৃপাত আমি বনবিভাগটো আগুৱাই লৈ যাব পাৰো। আমি দুয়োজনে মিলি আজিৰে পৰা বনবিভাগৰ অপশক্তিৰ বিৰুদ্ধে যুঁজ দি যাম।’