বিহুৰ বতৰত গৃহস্থ গাঁৱৰ ঘৰলৈ যোৱাৰ সুযোগ গ্ৰহণ কৰি মহানগৰীত চোৰে লুটি নিলে মূল্যৱান সা-সামগ্ৰী

মহানগৰীত চাকৰি অথবা ব্যৱসায়ৰ সূত্ৰে বসবাস কৰা লোকসকলে ৰঙালী বিহু উপলক্ষে গাঁৱৰ ঘৰলৈ যোৱাৰ সুযোগ গ্ৰহণ কৰে মহানগৰীৰ একাংশ গভাইত চোৰে।

উল্লেখযোগ্য যে মহানগৰ আৰক্ষীয়ে মহানগৰীৰ গভাইত চোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি কোৱাৰ সময়তে আৰক্ষীৰ চকুত ধূলি দি মহানগৰৰ ৰাজগড় অঞ্চলৰ এটা পৰিয়ালৰ পৰা চোৰে লুট কৰি নিয়ে লক্ষাধিক টকাৰ সা-সম্পত্তি।

জানিব পৰা মতে মহানগৰীৰ ৰাজগড়ৰ ৭ নং উপ-পথত ৪১ নং ঘৰত ভাড়াতীয়া হিচাপে থকা জয়ন্ত কলিতা নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লক্ষাধিক টকাৰ সা-সম্পত্তি লুট কৰি লৈ যায়।

ভূক্তভোগী জয়ন্ত কলিতাই নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জনোৱা অনুসৰি ৰঙালী বিহু উপলক্ষে দেওবাৰে সন্ধিয়া ৫-৩০ মান বজাত তেওঁলোক স-পৰিয়ালে নলবাৰীজিলাৰ টিহুস্থিত পিতৃগৃহলৈ গৈছিল। দেওবাৰে নিশা আৰু সোমবাৰে দিনটো পিতৃগৃহত কটাই সোমবাৰে ৯-৩০ মান বজাত ঘৰ আহি ঘৰৰ দৰ্জাৰ তলা ভঙা আৰু খিৰিকী খোলা অৱস্থাত দেখা পাই চুৰি কাৰ্য সংঘটিত হোৱা বুলি জানিব পাৰে।

চোৰে আলমিৰা ভাঙি পত্নীৰ চেইন, নেকলেচ-আঙুঠিসহ লক্ষাধিক টকাৰ অলংকাৰ, ৩২ ইঞ্চিৰ এটা এল চি ডি টিভি, ৩৫,০০০ টকা মূল্যৰ এটা লেপটপ আৰু প্ৰায় ১০,০০০ টকাৰ নগদ ধন লুট কৰি লৈ যায় বুলি ভুক্তভোগী কলিতাই আমাক জানিবলৈ দিয়ে।

ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে চানমাৰি আৰক্ষী থানাত ৩১৮/১৮ নং আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰা নং ৪৫৭/৩৮০ ত এক গোচৰ ৰুজু কৰে বুলি চানমাৰি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

মহানগৰীত  চোৰ উপদ্ৰৱত যেন বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে মহানগৰবাসীয়ে। এসপ্তাহ পূৰ্বে গণেশগুৰি কেকোঁৰানগৰৰ ভাৰাতীয়া হিচাপে থকা যুৱ সাংবাদিকৰ ভাৰাঘৰৰ পৰা নিশা শুই থকা অৱস্থাতে চোৰে খিৰিকী ভাঙি দুটাকৈ মোবাইল ফোন চোৰ কৰি লৈ যায়। যুৱকজনে দিচপুৰ থানাত এই সংক্ৰান্তত এক গোচৰ ৰুজু কৰে যদিও আৰক্ষীৰ হেমাহিৰ ফলত বৰ্তমানলৈকে চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখযোগ্য যে  চুৰি কাৰ্য সংঘটিত হোৱাৰ পিছত আৰক্ষীক গোচৰ দিয়াৰ পিছতো যেন ভুক্তভোগীয়ে ন্যায় নাপায় এইখন মহানগৰীত। যাৰ ফলস্বৰূপে দিনক-দিনে মহানগৰীত  চোৰৰ উপদ্ৰব বৃদ্ধি পাবলৈ ধৰিছে।