বীৰ লাচিত দিব্যাংগ ক্ৰিকেট : উদ্বোধনী মেচত তামিলনাডুৰ বিৰুদ্ধে সহজ জয় অসমৰ

Cricket-2-266x200

প্ৰতিনিধিত্বমূলক চিত্ৰ

অসম দিব্যাংগ ক্ৰিকেট সন্থাৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয় খেলপথাৰত ৰবিবাৰৰ পৰা আৰম্ভ হৈছে বীৰ লাচিত দিব্যাংগ ক্ৰিকেট প্ৰতিযোগিতা। প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত অসমে উজ্জ্বীৱিত প্ৰদৰ্শন দাঙি ধৰি জয়েৰে আৰম্ভ কৰিছে অভিযান।

উল্লেখ্য যে দুবাৰৰ চেম্পিয়ন তামিলনাডুৰ বিৰুদ্ধে আয়োজিত মেচখনত আলহী দলে নিৰ্ধাৰণ কৰি দিয়া ১৩৫ ৰানৰ বিজয় লক্ষ্য অসমে অতি সহজে অতিক্ৰম কৰিবলৈ সক্ষম হয়।

অসমৰ বিজয়ত মুখ্য ভূমিকা পালন কৰে আলী আকবৰে। আকবৰে মেচখনত ৩২ বলত ৫৭ ৰানৰ আক্ৰমক ইনিংছ খেলি অসমক বিজয় লক্ষ্যত উপনীত কৰে।

মনকৰিবলগীয়া যে এই প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিছে মুঠ ছয়টা দলে। অসম, তামিলনাডুৰ বাহিৰে আন চাৰিটা অংশগ্ৰহণকাৰী দল হৈছে মধ্যপ্ৰদেশ, ছট্টিশগড়, পঞ্জাব আৰু কৰ্ণাটক।

উল্লেখণীয় যে প্ৰতিদিনে দুখনকৈ লীগ মেচ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ইতিমধ্যে উপৰ্যুপৰি বিজয়েৰে কৰ্ণাটকে ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিছে।

আনহাতে কালি প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দিব্যাংগ ক্ৰিকেট সন্থাৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া ক্ৰমে ৰবি চৌহান আৰু ৰবি ভাটি উপস্থিত থাকে।