NORTHEAST NOW (Assamese)

বৃহত্তৰ নাগালিমৰ বাবে ভৌগোলিকভাৱে নাগাসকলৰ একত্ৰিকৰণ সম্ভৱ নহয় : নেইফিঅ’ ৰিঅ’

June 13, 2018 9:41 am · এন ই নাও নিউজ

বৃহত্তৰ নাগালিমৰ বাস্তৱ ৰূপ দিয়াটো কেতিয়া সম্ভৱ হৈ উঠিব সেই লৈ কোনো নিশ্চিত নহয়। এই ভাষ্য নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ। ১২ জুনত নতুন দিল্লীত গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি ওলাই অহাৰ সময়ত সাংবাদিকৰ আগত এই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰিছে নাগালেণ্ডৰ মুখ্য মন্ত্ৰীজনে।

“যদিও নাগা ৰাজনৈতিক সমস্যাটোৰ সমাধান সকলোৱে বিচাৰি আছে আৰু এই লৈ উৎকণ্ঠিত হৈ আছে, চুক্তি কেতিয়াকৈ স্বাক্ষৰিত হ’ব তাৰ তাৰিখ কোনেও ক’ব নোৱাৰে।”  ৰিঅ’ই সাংবাদিকৰ আগত কয়।

তেওঁ লগতে কয় যে নগা শান্তি আলোচনা আৰম্ভ হোৱা ২১ বছৰ হৈ গ’ল যদিও নগা শান্তি চুক্তি স্বাক্ষৰিত নহ’ল।

আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয়, “বৃহত্তৰ নাগালিমৰ ভিতৰত সকলো নাগা বসতিপ্ৰধান অঞ্চলক অন্তৰ্ভুক্ত কৰাটো নাগাসকলে বিচাৰে, এইটো সকলোৱে জনা কথা। কিন্তু এই মুহূৰ্তত আনকেইখন ৰাজ্য নাগা ৰাজনৈতিক সমাধানৰ অংশীদাৰ হ’ব খোজা নাই। গতিকে যদিও দাবীটোৰ যুক্তিযুক্ততা আছে, ভৌগোলিকভাৱে নাগাসকলৰ বসতি থকা অঞ্চলবোৰৰ একত্ৰিকৰণ সম্ভৱ নহয়।”

বিজেপিৰ সৈতে মৰ্চা গঠন কৰি অলপতে মুখ্য মন্ত্ৰী হোৱা ৰিঅ’ই কয় যে নাগা সমস্যা সমাধান সমগ্ৰ উত্তৰ-পূবৰ বাবেই লাভদায়ক হ’ব।

আনহাতে দিল্লীস্থিত নাগালেণ্ড হাউছৰ পৰা দিয়া এটা প্ৰেছ বিবৃতিত মুখ্য মন্ত্ৰীজনে কয় যে নাগা ৰাজনৈতিক সমাধানৰ বিষয়টোৰ লগতে গৃহ মন্ত্ৰীজনক সাক্ষাতৰ সময়ত তেওঁ নাগালেণ্ডত হেলিকপ্তাৰ সেৱা, দুৰ্য্যোগ ব্যৱস্থাপনা পুঁজি মুকলি, প্ৰশাসন, বিশেষকৈ আৰক্ষী প্ৰশাসনৰ আধুনিকীকৰণৰ বিষয়কেইটা আলোচনা কৰিছিল।

সাক্ষাতৰ সময়ত ৰিঅ’ক সংগ দিছিল উপ মুখ্য মন্ত্ৰী ৱাই পেট্টনকে ধৰি আন কেইবাজনো মন্ত্ৰী-বিষয়াই।

Related News