বৃহস্পতিবাৰে নিশা শিৱসাগৰৰ ডিমৌত অৰুণাচলৰ নৈশ বাছত দুৰ্বৃত্তৰ শিল নিক্ষেপ

Representative Image

৬৯ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত হৈছে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ। বৃহস্পতিবাৰে নিশা এখন নৈশ বাছত কোনো অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ চলায়। ফলত তিনিজনলোক গুৰুতৰভাবে আহত হয়।

জানিব পৰা অনুসৰি ডিমৌৰ ৰাজমাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহি থকা অৱস্থাত নৈশ বাছখনলৈ শিলগুটি নিক্ষেপ কৰে। উল্লেখযোগ্য যে আক্ৰমণত পতিত হোৱা নৈশ বাছখন অৰুণাচলৰ টেজুৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰি আছিল। বাছখনৰ নম্বৰ হৈছে AR-11A-3911।

এক বিশেষ সূত্ৰই জনোৱা অনুসৰি দুৰ্বৃত্তৰ দলটোৱে অতি বৰ্বৰতাৰে বাছখনত শিলগুটিৰে আক্ৰমণ কৰিছিল যাৰ ফলত নৈশ বাছখনৰ সন্মুখ অংশ সম্পূৰ্ণভাবে ক্ষতিগ্ৰস্ত হৈছে।

প্ৰতিৱেশী ৰাজ্য অৰুণাচলৰ পৰা গুৱাহাটী অভিমুখে অহা বাছখনত প্ৰায় ৩৫ জনকৈ যাত্ৰী আছিল।

এই শিলগুটি নিক্ষেপৰ ফলত বাছখনৰ চালকৰ লগতে ৩ জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয়। আহতসকলক লগে লগে স্থানীয় লোকৰ তৎপৰতাত ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি আমাৰ সাংবাদিকে জানিবলৈ দিয়ে।

ঘটনা সংঘটিত হোৱাৰ লগে লগে ডিমৌ আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়।

শিল নিক্ষেপৰ ঘটনা সংঘটিত হোৱাৰ পিছত যাত্ৰীসকল তথা অঞ্চলযুৰি বাসিন্দাৰ মাজত এক তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰে। কিন্তু আৰক্ষী উপস্থিত হোৱাত লাহে লাহে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।

উল্শিলেখযোগ্লয যে  নিক্ষেপৰ ঘটনাত পতিত যাত্ৰীয়ে গণৰাজ্য দিৱসৰ প্ৰাকমূহুৰ্তত সুৰক্ষা সন্দৰ্ভত জিলাখনৰ আৰক্ষীৰ কাৰ্যকলাপত অসন্তুষ্টি প্ৰকাশ কৰে।

আমালৈ শেহতীয়াকৈ অহা খবৰ অনুসৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমান পৰ্যন্ত দুৰ্বৃত্তক চিনাক্ত তথা কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।