বিগত চাৰি বছৰত প্ৰস্তাৱিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ এটা বৃহৎ অংশ বেদখলৰ গ্ৰাসত পৰিছে।
মানস অভয়াৰণ্যৰ মূল অঞ্চলৰ ভূঞাপাৰা ৰেঞ্জৰ সামান্য কম প্ৰায় ১৮ কিলোমিটাৰ জুৰি বেদখলৰ কবলত পৰিছে। গুগলৰ মানচিত্ৰত অলপতে দেখুৱাইছে যে ৰেঞ্জটোৰ ২২ বৰ্গ কিলোমিটাৰ জুৰি বেদখল সম্প্ৰসাৰিত হৈছে।
২০১৬ চনৰ ২২ ডিচেম্বৰত ভূঞাপাৰা ৰেঞ্জত উচ্ছেদ অভিযান চলাই প্ৰায় ১,৬০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হৈছিল। বেদখলকাৰীসকল অৱশ্যে পুনৰ উভতি আহে প্ৰক্ৰিয়াটোক স্তব্ধ কৰি তোলে। যোৱা বছৰ ফেব্ৰুৱাৰী মাহত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অবিযানৰ সময়ত স্থানীয় লোকসকলে বিৰোধিতা কৰে আৰু ইয়াৰ বাবে বন কৰ্তৃপক্ষই বিশেষ আগবাঢ়িব নোৱাৰিলে।
ভূঞাপাৰা ৰেঞ্জৰ অধীনৰ অঞ্চলসমূহ বন্যপ্ৰাণীসমূহৰ এক গুৰুত্বপূৰ্ণ আৱাসস্থল। আনটো ৰেঞ্জ পানবাৰী ইতিমধ্যে বেদখলৰ কবলত।
দ্য ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ (আই ইউ চি এন) এ যোৱা বছৰ ভাৰত চৰকাৰক কৈছিল যে যদিহে অভয়াৰণ্যখন ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাটো বিচাৰে তেতিয়াহ’লে মানসক বেদখলৰ পৰা মুক্ত কৰা উচিত। সম্প্ৰতি গোটেই অভয়াৰণ্যখন নহয়, কেৱল অভয়াৰণ্যখনৰ বন্যপ্ৰাণী ৰাষ্ট্ৰীয় উদ্যানখনহে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।
২০১৭-১৮ বৰ্ষত কেন্দ্ৰই ব্যাঘ্ৰ প্ৰকল্পৰ অধীনত অনুমোদন দিয়া মুঠ ৬১৭.৩৮ লাখ টকাৰ ভিতৰত ৪৩৯.৭৯ লাখ টকা মঞ্জুৰ কৰিছে।
উল্লেখযোগ্য যে উদ্যানখনে ইয়াৰ সম্পদসমূহৰ সংৰক্ষণৰ এখন শেহতীয়া প্ৰতিবেদন চলিত বৰ্ষৰ ১ ডিচেম্বৰৰ ভিতৰত বিশ্ব ঐতিহ্য কেন্দ্ৰত দাখিল কৰিব লাগিব। বিশ্ব ঐতিহ্য কমিটিয়ে ২০১৯ হ’বলগীয়া ইয়াৰ ৪৩ সংখ্যক অধিৱেশনত পৰীক্ষা কৰিব চাব।