ৰাষ্ট্ৰীয় আয়ুস মিশ্যনৰ অধীনত গোলাঘাট পশ্চিম শিক্ষা খণ্ড আৰু আৰ্ট অব লিভিং নামৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আজি বোকাখাত মহকুমাৰ ১২ নং বিহৰা বাগিছা প্ৰাথমিক বিদ্যালয়ত এক বিশেষ যোগ প্ৰশিক্ষণ আৰু সজাগতা শিবিৰ অনুষ্ঠিত হয় ৷
২৮ আৰু ২৯ জুনত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা এই শিবিৰটো আজি পুৱা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতাই।
বিদ্যালয় প্ৰাঙ্গনত আয়োজিত এই শিবিৰত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীৰ উপৰি মাতৃগোট, পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু অভিভাৱক সকলৰ লগতে সমীপৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলেও অংশগ্ৰহন কৰে।
দুদিনীয়া এই যোগ শিবিৰত আৰ্ট অব লিভিঙৰ সমন্বয়ক হেমন্ত গগৈ আৰু প্ৰশিক্ষক বিজয় বড়োয়ে প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীক যোগৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ প্ৰদান কৰে ৷
উল্লেখ্য যে আয়ুস মিশ্যনৰ সহযোগত আৰ্ট অব লিভিং নামৰ ৰাষ্ট্ৰীয় সংস্থাটোৱে পৰৱৰ্তী সময়ত বোকাখাত মহকুমাৰ বিদ্যালয় সমুহত যোগ শিবিৰ অনুষ্ঠিত কৰি যোগ সজাগতাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিব বুলি জনায়।
বিদ্যালয়খনৰ প্ৰধান শিক্ষক লক্ষীপ্ৰসাদ কটকীয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াও উপস্থিত থাকে।