আজি সংঘটিত এক শোকাৱহ ঘটনাত নদীত গা ধুবলৈ যোৱা বোকাখাতৰ দুগৰাকী কিশোৰীক গা ধুই থকা অৱস্থাতে নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে।
ডিফলু নদীত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা কিশোৰী দুগৰাকীৰ এগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় যদিও আনগৰাকী এতিয়া লৈকে বিচাৰি উলিয়াব পৰা হোৱা নাই।
প্ৰাপ্ত তথ্য মতে, বোকাখাত সাপজুৰিৰ আহোম গাঁৱৰ চাৰিগৰাকী কিশোৰীয়ে প্ৰায় তিনি কিলোমিটাৰ আঁতৰৰ ডিফলুপথাৰ আহোম গাঁৱৰ সমীপত থকা ডিফলু নদীত গা ধুবলৈ গৈছিল, গা ধুই থকা অৱস্থাতে ডিফলুৰ বাঢ়নী পানীয়ে জানমণি বাস্কে আৰু প্ৰিয়া মূৰমূৰ নামৰ কিশোৰী দুগৰাকীক উটুৱাই নিয়ে।
আনহাতে তেওঁলোকৰ লগৰ আন এগৰাকীকো নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিছিল যদিও তেওঁ কোনোমতে নদীত পাতি থোৱা জালৰ বাঁহত ধৰি ৰক্ষা পৰে।
ঘটনাটোৰ কথা জানিব পাৰি স্থানীয় লোকে প্ৰথমে নাও লৈ বিচাৰ-খোচাৰ কৰিছিল কিন্তু কোনো শুংসুত্ৰ উলিয়াব নোৱাৰিলে। অৱশ্যে পিছত নদীখনৰ ওপৰত থকা শ্লুইচ গেটখন বন্ধ কৰি গাঁৱৰ ৰাইজে জানমণি বাস্কেক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও তেওঁৰ ইতিমধ্যে মৃত্যু হয়।
আনগৰাকী কিশোৰী প্ৰিয়া মূৰমূৰৰ সন্ধানত গাঁওবাসীৰ লগতে এচ ডি আৰ এফৰ জোৱান আহি অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে কিশোৰী গৰাকীৰ সন্ধানত উলিয়াবলৈ সক্ষম হোৱা নাই।