বোকাখাতত দুটা পৃথক পথ দূৰ্ঘটনাত এজন লোকৰ মৃত্যু আৰু তিনিজনৰ গুৰুতৰ আঘাত

Road-Accident

প্ৰতিনিধিত্বমূলক চিত্ৰ

বৃহস্পতিবাৰে সন্ধিয়া বোকাখাতত সংঘৰ্টিত হোৱা দুটা পৃথক পথ দূৰ্ঘটনাত এজন নিহত হোৱাৰ উপৰি তিনিজন লোক গুৰুতৰ ভাৱে আহত হয় ৷ বোকাখাত নগৰৰ পশ্চিম দিশত লতাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘৰ্টিত পথ দূৰ্ঘটনাত প্ৰদীপ গগৈ নামৰ এজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ প্ৰদীপ গগৈৰ ঘৰ কাজিৰঙাৰ দ গাওঁত আৰু তেওঁ কৃষি বিভাগত গ্ৰাম সেৱক হিচাপে কৰ্মৰত আছিল৷ প্ৰদীপ গগৈয়ে নিজৰ গাড়ীৰে ঘৰলৈ গৈ থকা অৱস্থাত এজন চাইকেল আৰোহীক বচাবলৈ গৈ নিজে দূৰ্ঘটনাত পতিত হয়৷

ইফালে ঠিক একে সময়তে বোকাখাতৰ জ্যোতিপুৰত সংঘৰ্টিত হয় আন এক পথ দূৰ্ঘটনা। AS 05 C 5303 নম্বৰৰ তীব্ৰ বেগী বলেৰ পিক আপ গাড়ীয়ে এখন মটৰ চাইকেলক খুন্দিয়াই৷ ঘটনাত মটৰ চাইকেল আৰোহী ৰিতুপৰ্ণ শইকীয়া আৰু তেওঁৰ পত্নী কাবেৰী শইকীয়া গুৰুতৰ ভাৱে আহত হয়৷

নিয়ন্ত্ৰণহীন বলেৰ’ পিক আপ ভানখনে প্ৰথমে মটৰ চাইকেলখনক খুন্দিয়াই আৰু লগে লগে এজন চাইকেল আৰোহীকো মহতিয়াই নিয়ে৷ ফলত চাইকেল আৰোহী বিকাশ চাওতাল নামৰ যুৱকজনো আঘাতপ্ৰাপ্ত হয়৷  আহত তিনিওজন ব্যক্তিকে তৎকালীনভাবে বোকাখাত অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

আনহাতে জানিব পৰা অনুসৰি আহত ৰিতুপৰ্ণ শইকীয়াৰ ঘৰ কমাৰগাওঁ সোনোৱাল গাঁৱত আৰু বিকাশ চাওতালৰ ঘৰ কান্ধুলিমাৰী গাঁৱত৷