NORTHEAST NOW (Assamese)

বিহুৰ আনন্দৰ মাজতে বোকাখাতত বাইক ষ্টান্টে প্ৰাণ নিলে এজনৰ

April 18, 2018 10:44 pm · উত্তম শইকীয়া

ৰাজ্যত ৰঙালী বিহু উদযাপনৰ মাজতেই ধাৰাবাহিক পথ দুৰ্ঘটনাই জোকাৰি গৈছে বোকাখাতক ৷ বিহুৰ আনন্দ উল্লাসৰ মাজতেই বোকাখাতৰ মেথনিত আজি সন্ধিয়া আন এক পথ দুৰ্ঘটনা সংঘটিত হয়।

নিজৰ মাজতেই চলোৱা বাইক ষ্টান্টৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে বোকাখাতৰ বিষ্ণুপুৰ গাঁৱৰ ক্ষিৰোদ দত্ত আৰু বোকাখাত জ্যোতিপুৰৰ সুগত ভূঞা নামৰ কিশোৰ দুজনে কাজিৰঙাৰ পৰা বোকাখাতলৈ দুখন বাইকত ষ্টান্ট কৰি আহি থাকোতেই বোকাখাতৰ সমীপৰ মেথনি চাহ বাগিচাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ মাজতে পৰস্পৰ বাইকৰ হেণ্ডেলত লাগি দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাৰ ফলত ক্ষিৰোদ দত্ত নামৰ যুৱকজনে মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ লগতে দুৰ্ঘটনাটোত তেওঁৰ বাঁও ভৰি আৰু বাঁও হাতখনো ভাঙিছিল ৷ আনহাতে, সুগত ভূঞা নামৰ আনজন যুৱকে মূৰত সামান্য আঘাত পোৱাৰ লগতে বাঁও ভৰিখন ভাঙে ৷

গুৰুতৰভাৱে আহত দুয়োকে প্ৰাথমিক চিকিৎসাৰ বাবে তাৎক্ষনিকভাৱে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ অনা হৈছিল যদিও পিছত সংকটজনক অৱস্থাত দুয়োকে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

অৱশ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ক্ষীৰোদ দত্তক নিহত বুলি ঘোষণা কৰে চিকিৎসকে ৷

উল্লেখযোগ্য যে এনে একাংশ উদণ্ড যুৱকৰ বাইক ষ্ট্ৰান্টৰ বাবেই আজি কিছুদিনৰ পৰা বোকাখাতত সঘন বাইক দুৰ্ঘটনা সংঘটিত হৈ আহিছে, যোৱা দুমাহত উদণ্ড যুৱকৰ বাইক ষ্ট্ৰান্টত চাৰিজন যুৱকৰ মৃত্যু ঘটিছে ৷

কাজিৰঙাৰ পৰা বোকাখাত হৈ নুমলীগড় পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা সঘন পথ দূৰ্ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে।

Related News