NORTHEAST NOW (Assamese)

বোকাখাতৰ বিশিষ্ট সমাজকৰ্মী, অভিনেতা বিদ্যা শইকীয়াৰ মৃত্যু

May 19, 2018 9:12 pm · উত্তম শইকীয়া

বোকাখাতৰ বিশিষ্ট সমাজকৰ্মী, গাঁও পঞ্চায়তৰ প্ৰাক্তন সচিব, বিভিন্ন সামাজিক অনুষ্ঠান, বিদ্যালয়, নামঘৰ আদি প্ৰতিষ্ঠানৰ লগত জড়িত ম’হমাইকী গাঁৱৰ নিবাসি বিদ্যা শইকীয়াৰ কালি বিয়লি মধুমেহ ৰোগত আত্ৰান্ত হৈ যোৰহাট মিছন হাস্পতালত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৮২ বছৰ ৷

১৯৩৬ চনত জন্ম গ্ৰহণ কৰা বিদ্যা শইকীয়াই কৰ্মজীৱন আৰম্ভ কৰিছিল গাঁও পঞ্চায়তৰ সচিব হিচাপে। চাকৰি জীৱনৰ মাজতে সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগতো ওতপ্ৰোতভাৱে জড়িত হৈ পৰা বিদ্যা শইকীয়া এজন সমাজকৰ্মী হিচাপেও পৰিচিত আছিল।

বিভিন্ন ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানৰ লগতে তেওঁ  শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বোকাখাত জিলা শাখাত থকা শঙ্কৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সম্পাদক, বোকাখাত টাউন হাইস্কুলৰ প্ৰতিষ্ঠাপক সম্পাদক, বোকাখাত হিতেশ্বৰ বৰপূজাৰী একাডেমীৰ প্ৰতিষ্ঠাপক, বোকাখাত উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য, ডিফলুপথাৰ হাইস্কুলৰ প্ৰতিষ্ঠাপক সম্পাদক, বোকাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক,  অসম গাওঁৰক্ষী বাহিনী, বোকাখাতৰ থানা সমিতিৰ সচিব, বোকাখাত নাট্য মন্দিৰৰ সম্পাদক, বোকাখাত বাৰোৱাৰী পূজা সমিতিৰ সম্পাদক আদিৰ দৰে বহু অনুষ্ঠানৰ সৈতে জড়িত আছিল।

এজন সু-অভিনেতা হিচাপেও বিদ্যা শইকীয়াৰ সুনাম আছিল ৷ তেওঁৰ মৃত্যুুুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অনেক গুণমুগ্ধ আহি তেওঁ ঘৰত সমবেত হয়। মৃতদেহ যোৰহাটৰ পৰা বাসগৃহ আহি পোৱাৰ পিছত বিশিষ্ট ব্যক্তিসকলৰ উপৰি বোকাখাতৰ বিভিন্ন দল সংগঠনে আহি তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

শইকীয়াৰ মৃত্যুত সমগ্ৰ বোকাখাততে শোকৰ ছাঁ পৰিছে ৷ মৃত্যুৰ সময়ত শইকীয়াই পৰিবাৰ কীৰ্তি শিক্ষয়িত্ৰী সোণমাই শইকীয়াৰ লগতে পাঁচ পুত্ৰ আৰু বহু নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায়।

Related News