• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জে ডি এছৰ মুখ্য মন্ত্ৰীৰ নেতৃত্বত কৰ্ণাটকত মৰ্চা চৰকাৰৰ অংশীদাৰ হ’ব কংগ্ৰেছ : প্ৰদেশ কংগ্ৰেছৰ বিজয় উল্লাস

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 19, 2018 8:50 pm
APCC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মোদী বাহিনীয়ে সংবিধান তথা গণতন্ত্ৰক জলাঞ্জলি দিয়াৰ পৰিণাম ভোগ কৰিছে।” কৰ্ণাটকত কংগ্ৰেছ আৰু জে ডি এছে চৰকাৰ গঠন কৰাৰ পথ প্ৰশস্ত হৈ পৰাৰ পিছতে বিজয় উৎসৱত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

উল্লেখযোগ্য যোৱা ১৫ মে’ত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত দুদিনৰ আগত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল বিজেপিৰ নেতা য়েডিয়ুৰাপ্পাই। কিন্তু প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা নথকা সত্ত্বেও তথা কংগ্ৰেছ-জেডি (এছ)ৰ নিৰ্বাচনোত্তৰ মৰ্চাৰ লগত প্ৰয়োজনীয় সংখ্যক বিধায়ক থকা সত্ত্বেও ৰাজ্যপালে বিজেপিৰ নেতাজনক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনোৱাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল আৰু কংগ্ৰেছে বিষয়টোক উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ নিছিল।

Apply Now

ইয়াৰ ফলত উচ্চতম ন্যায়ালয়ে য়েডিয়ুৰাপ্পাক ২৪ ঘণ্টাৰ ভিতৰত আস্থাৰ ভোটত জয়ী হৈ দেখুৱাবলৈ নিৰ্দেশ দিয়ে। কিন্তু আস্থাৰ ভোটত পৰাজয় নিশ্চিত জানিব পাৰি য়েডিয়ুৰাপ্পাই আজি আস্থাৰ ভোট হোৱাৰ পূৰ্বেই পদত্যাগ কৰে। ফলত গুৰুত্বপূৰ্ণ ৰাজ্যখনত কংগ্ৰেছ-জেডি (এছ)ৰ চৰকাৰ হোৱাৰ বাট মুকলি হ’ল।

ইয়াতে উল্লসিত হৈ আজি অসম প্ৰদেশ কংগ্ৰেছৰ মাজত আনন্দ-উল্লাসৰ জোৱাৰ উঠা দেখা গ’ল। অসম প্ৰদেশ কংগ্ৰেছে ইয়াক বিজয় উৎসৱত পৰিণত কৰে, য’ত কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, মহিলা কংগ্ৰেছৰ নেত্ৰী ববিতা শৰ্মাকে ধৰি বহুকেইজন দলীয় নেতা উপস্থিত থাকে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বিজেপি দলৰ কাউণ্ট-ডাউন কৰ্ণাটকৰ নিৰ্বাচনৰ পিছৰে পৰা আৰম্ভ হৈ পৰিছে বুলি মত প্ৰকাশ কৰাৰ লগতে কয়, “মোদীয়ে যি হিচাপে একনায়কত্বৰ দিশে গৈ আছিল, আমাৰ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে আজি গণতন্ত্ৰ ৰক্ষা কৰাটো সম্ভৱ হৈ পৰিছে। কৰ্ণাটকৰ ৰাজ্যপালে ১৫ দিনৰ সময় দিছিল, কিন্তু বিজেপি দলে এই ১৫ দিনতে বহুখিনি কৰিলেহেঁতেন। তেওঁলোক হৰ্ছ ট্ৰেডিং কৰাত পাকৈত। কিন্তু কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে ততাতৈয়াকৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ বিষয়টো অৱগত কৰাত উচ্চতম ন্যায়ালয়ে লোৱা ভূমিকাৰ বাবেই গণতন্ত্ৰ ৰক্ষা পৰিল।”

আমোদজনক কথা যে ৰাজ্যখনত বিজেপিতকৈও কংগ্ৰেছে কম সংখ্যক আসন লাভ কৰিছে। বিজেপিয়ে ১০৪খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৭৮খন আৰু জে ডি (এছে) ৩৭খন আসন লাভ কৰিছে। নিৰ্দলীয়ই ১খন, কৰ্ণাটকৰ এটা আঞ্চলিক দলে ১খন আৰু বহুজন সমাজবাদী পাৰ্টিয়ে ১খন আসন পাইছে। এতিয়া ৰাজ্যখনত বিজেপিক আঁতৰাই ৰখাৰ স্বাৰ্থতে ৭৮খন আসন থকা কংগ্ৰেছে ৩৭খন আসন থকা জে ডি এছৰ এইচ্ছ ডি কুমাৰাস্বামীক মুখ্য মন্ত্ৰীৰ পদটো এৰি দিব লগীয়া হৈছে। এই বিষাদৰ মাজতো প্ৰদেশ কংগ্ৰেছে দেখুৱাই উল্লাস কৰিব লগীয়া হৈছে।

আনহাতে, কাইলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভত মন্তব্য কৰি ৰিপুণ বৰাই কয় যে অমিত শ্বাহ অসমলৈ আহিব নালাগে। কাৰণ অসমত নাগৰিত্ব সংশোধনী বিধেয়কক লৈ যিমানখিনি ক্ষোভৰ জুই জ্বলিছে তালৈ চায়েই তেওঁৰ নৈতিকতাই অসমলৈ আহিব নালাগে বুলি ক’ব লাগে।

মন কৰিব লগীয়া যে ৰাজীৱ ভৱনত হোৱা এই বিজয় উল্লাসত উপস্থিত কংগ্ৰেছ কৰ্মীসকলে ফটকা ফুটাই, নৃত্য কৰি তথা মিঠাই খাই আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা যায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd