NORTHEAST NOW (Assamese)

ব্যৰ্থতাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি এইছ এছ পি ডি পিৰ সভাপতিৰ পদৰ পৰা পদত্যাগ বছায়াৱমৈইটৰ

March 6, 2018 11:08 pm · এন ই নাও নিউজ

সদ্য-সমাপ্ত মেঘালয় বিধানসভা নিৰ্বাচনত এইছ এছ পি ডি পিৰ ব্যৰ্থতাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি আৰ্ডেণ্ট মিলাৰ বছায়াৱমৈইটে আজি দলটোৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে।

এইছ এছ পি ডি পিৰ উপ সভাপতিলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত তেওঁ কয়, ‘দলটোক লক্ষত উপনিত কৰোৱাত বিফল হোৱাত নেতা হিচাপে মই নৈতিক দায়িত্ব স্বীকাৰ কৰিছো।’

উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত, নংক্ৰেম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বছায়াৱমৈইট নিজেও পৰাস্ত হ’বলগীয়া হয়। তেওঁ প্ৰাক্তন বিধায়ক লাম্বোৰ মালঙিয়াঙৰ বিৰুদ্ধে ৭৬ টা ভোটৰ ব্যৱধানত পৰাস্ত হয়।

তেওঁৰ উপৰি দলটোৰ আন তিনি গৰাকী বিধায়কেও নিজ নিজ সমষ্টিত পৰাস্ত হ’বলগীয়া হয়।

নিৰ্বাচনটোত এইছ এছ পি ডি পিয়ে মুঠ ১৩ গৰাকী প্ৰাৰ্থী আগবঢ়াইছিল যদিও মাত্ৰ দলটোৱে মাত্ৰ ২ খন আসন হে দখল কৰিবলৈ সক্ষম হয়।

এইবাৰৰ নিৰ্বাচনত এইছ এছ পি ডি পিয়ে ইউ ডি পিৰ সৈতে জোঁটবন্ধন কৰি প্ৰতিদ্বন্দ্বিতাত নামিছিল।

 

Related News