ব্যৱসায়, কৃষি প্ৰযুক্তি আৰু সাংস্কৃতিক বিনিময়ৰ প্ৰতিশ্ৰুতি দিলে মেঘালয় ভ্ৰমণৰত জাপানী ৰাষ্ট্ৰদূতে

japanese ambassador

জাপানী ৰাষ্ট্ৰদূত কেনজি হিমাটছুক মেঘালয়ৰ ৰাজ্যপাল গংগা প্ৰসাদে আদৰণী জনাইছে

ভাৰতত নিয়োজিত জাপানী ৰাষ্ট্ৰদূত কেনজি হিমাটছুৱে সোমবাৰে আবেলি মেঘালয়ৰ ৰাজ্যপান গংগা প্ৰসাদক ৰাজভৱনত সাক্ষাৎ কৰে। ৰাজ্যপালে ৰাজ্যখনত ষ্ট্ৰবেৰীৰ খেতিৰ বাবে সঠিক প্ৰযুক্তিৰে সহায়তা আগবঢ়াবৰ বাবে জাপানী ৰাষ্ট্ৰদূতগৰাকীক অনুৰোধ কৰে।

নিপাপত্তাজনিত কাৰণত জাপানৰ নাগৰিকৰ ওপৰত মেঘালয় ভ্ৰমণত যি চৰকাৰী পৰিবন্ধকতা লগোৱা আছে তাক পুনৰীক্ষণ কৰাৰ বাবে ৰাষ্ট্ৰদূতগৰাকীক অনৰোধ কৰি ৰাজ্যপান গংগা প্ৰসাদে কৈছে যে বিগত বছৰকেইটাত ৰাজ্যখনৰ পৰিস্থিতি যথেষ্ট উন্নত হৈছে।

জাপানী ৰাষ্ট্ৰদূতগৰাকীয়ে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড কংকাল চাংমাকপ্ৰধান সচিবালয়ত থকা তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰে।

জাপানৰ ৰাষ্ট্ৰদূতগৰাকীক মেঘালয়ৰ জলবায়ু এক বিশেষ প্ৰজাতিৰ কাঠফুলাৰ বাবে অনুকুল বুলি  অৱগত কৰি তামিলনাডুৰ দৰে মেঘালয়তো ‘শ্বিটাকেই’ (Shiitake) নামৰ কাঠফুলাৰ প্ৰজাতিটোৰ খেতি কৰাত স্থানীয় কৃষকক সহায় কৰিবলৈ ৰাজ্যপালগৰাকীয়ে অনুৰোধ জনায়।

উল্লেখ্য যে এই প্জাতিৰ কাঠফুলা উৎপাদনৰ ক্ষেত্ৰত জাপান বিশ্বৰ অগ্ৰণী দেশ।

ৰাজ্যপালগৰাকীয়ে কয় যে মেঘালয়ত ‘শ্বিটাকেই’ প্ৰজাতিৰ কাঠফুলাৰ খেতি কৰাৰ বাবে অনুকুল স্থানীয় গছ এবিধ পোৱা যায়।

মেঘালয়ত ষ্ট্ৰব্ৰেৰীৰ খেতি আৰ্ভ কৰাৰ পাছত ইয়াৰ ষ্ট্ৰবেৰীৰ গুণগত মান উন্নত মানৰ বুলি বিখ্যাত হৈ পৰিছে বুলি ৰাজ্যপালগৰাকীয়ে জাপানী ৰাষ্ট্ৰদূতগৰাকীক জনাইছে।

তেওঁ আৰু কৈছে যে মেঘালয় ভ্ৰমণলৈ অহা নাগৰিকৰ নিৰাপত্তাৰ ব্যৱস্থাটো পুনৰীক্ষণ কৰাৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰা হ’ব।

প্ৰথম বাৰৰ বাবে মেঘালয় ভ্ৰমণলৈ অহা হিমাটছুৱে কৈছে যে খাদ্য সংৰক্ষণ আদিকে ধৰি আন্তঃগাঁথনিমূলক বিকাশ আৰু ব্যৱসায়ৰ সুযোগ সম্বন্ধীয় সহযোগিতাৰ বিষয়ত তেওঁ ৰাজ্যপালগৰাকীৰ সৈতে আলোচনা কৰিছে।

জাপানী ৰাষ্ট্ৰদূতগৰাকীয়ে তেওঁৰ মেঘালয় ভ্ৰমণৰ স্মৃতিচিহ্ন হিচাপে তিনিডাল চেৰী ব্লছমৰ গছ ৰোপন কৰে আৰু কয় যে কেবল ব্যৱসায়ৰ ক্ষেত্ৰতেই নহয় সাংস্কৃতিক বিনিময়ৰো কৰা হ’ব।