ব্ৰহ্মপুত্ৰৰ প্ৰদূষণ সন্দৰ্ভত আছুৰ প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

ব্ৰহ্মপুত্ৰৰ পানী প্ৰদুষিত হৈ যোৱা কিছু দিন ধৰি জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি হৈ পৰাৰ লগতে খোৱাৰ বাবে অনুপযোগী হৈ পৰিছে। ব্ৰহ্মপুত্ৰক বচোৱাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে সমগ্ৰ অসমৰ লগতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে ১০০ গৰাকী বিশিষ্ট ব্যক্তিৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰকপত্ৰ মুখ্য মন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰে। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি ৰজমিল আলী আৰু সাধাৰণ সম্পাদক ৰাইফুদ্দিন আহমেদে এক প্ৰেছ বিবৃতিত ব্ৰহ্মপুত্ৰৰ প্ৰদূষণক এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ বুলি কয়। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰক ৰক্ষা কৰিবলৈ সকলো ধৰণৰ ফলপ্ৰসু পদক্ষেপ ল’বই লাগিব মন্তব্য কৰি কয় যে ব্ৰহ্মপুত্ৰক বচাবই লাগিব। অসম চৰকাৰে  ব্ৰহ্মপুত্ৰৰ পানী খোৱাৰ বাবে অনুপযোগী হৈ পৰা বুলি ঘোষণা কৰা স্বত্তেও এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে  কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি সংগঠনটোৱে অভিযোগ কৰে। আনহাতে গংগাৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰে দেখোৱাই  অহা তৎপৰতাৰ প্ৰসংগ উনুকিয়াই ইয়াৰ বিপৰীতে ব্ৰহ্মপুত্ৰ পানী প্ৰদূষিত হোৱাৰ পিছতো প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰে কিয় নিৰ্লিপ্ত হৈ আছে বুলি সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰে। উল্লেখযোগ্য যে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি ৰজমিল আলীৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোত আছিল উপদেষ্টা কুশ ৰংপি, উপ-সভাপতি আনোৱাৰ হুছেইন, বিত্ত-সম্পাদক টুটুমনি চৌধুৰী আৰু মুখ্য সাংগঠনিক সম্পাদক মৃত্যুঞ্জয় খাটনিয়াৰ।