ব্ৰহ্মপুত্ৰৰ বুকুত সোণোৱালৰ চফৰ, দুৰ্গম আঁহতগুৰিকো সামৰি মুকলি ৪খন নতুন ফেৰি

Chief Minister of Assam Sarbananda Sonowal flagging off services of four ferry vessels at Kamalabari Ghat in Majuli,Assam on 09-08-18.pix by ub photos

অসমৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগে মাজুলীৰ পৰা যোৰহাটৰ মাজত যাতায়াতৰ বাবে আগবঢ়োৱা নতুন ফেৰি ৪খনৰ সেৱা বৃ্হস্পতিবাৰে মুকলি কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মুকলি কৰা এই ফেৰিসেৱাই মাজুলীৰ মূল অংশৰ পৰা দূৰৰ দুৰ্গম আঁহতগুৰি অঞ্চলকো প্ৰথমবাৰৰ বাবে সামৰি লৈছে। দিনৰ ১২:৩০ বজাত কমলাবাৰী ফেৰি ঘাটৰ পৰাই ফেৰি ৪খনৰ লগতে মিছামৰা-আঁহতগুৰি পাৰঘাটো মুখ্য মন্ত্ৰীয়ে উদ্বোধন কৰে।

সেৱা মুকলি কৰাৰ পিছতে ব্ৰহ্মপুত্ৰত এক ফেৰি চফৰো কৰে মুখ্য মন্ত্ৰীয়ে। অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ লগতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত থাকে।

আনহাতে ফেৰি সেৱা উদ্বোধনৰ পিছতে কমলাবাৰী ঘাটৰ সমীপৰ আলিমূৰ মিচিং গাঁৱত দিনৰ ১ বজাত আয়োজিত ৰাজহুৱা সভাত মুখ্য মন্ত্ৰীয়ে বিধায়ক পুঁজিৰ অধীনৰ মাজুলীৰ ৩৬গৰাকী জটিল ৰোগত আক্ৰান্ত লোকলৈ আৰ্থিক সাহায্য প্ৰদান কৰে।

একেখন সভাতে ৪০টা ভূমিহীন পৰিয়ালক আনুষ্ঠানিকভাৱে মাটিৰ পট্টাও প্ৰদান কৰাৰ লগতে চৰ উন্নয়ন আঁচনিৰ অধীনত মাজুলীৰ ১০গৰাকী দুখীয়া হিতাধিকাৰীক ই-ৰিক্সা আৰু ১০টা কৃষক গোটক হেণ্ড পাম্পো বিতৰণ কৰে।