• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বড়ো মাধ্যমৰ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাক লৈ চিন্তিত ‘বড়ো সাহিত্য সভা’

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 11, 2018 10:11 am
bodo-medium-266x200
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিএডিৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহলৈ আহিছে অশনি সংকেত। প্ৰাথমিক পৰ্যায়ৰ পৰা মাধ্যমিক পৰ্যায়লৈ সকলো বড়ো মাধ্যমৰ বিদ্যালয় এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত। বিশেষকৈ এই বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে দিনক দিনে কমি আহিছে শিক্ষক।

বড়ো সাহিত্য সভাৰ সভাপতি টৰেণ বড়ো আৰু সম্পাদক প্ৰশান্ত বড়োৱে এই সংক্ৰান্তত কোকৰাঝাৰৰ বড়োলেণ্ড গেষ্ট হাউছত এখন সংবাদমেলৰ আয়োজন কৰি উল্লেখ কৰে যে বড়ো মাধ্যমত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত আৰু এই বিদ্যালয় সমূহত শিক্ষক নিযুক্তি দিয়া বিষয়টো আমি গুৰুত্বসহকাৰে লৈছো।

বিটিএডি অঞ্চলত অৱস্থিত বড়ো মাধ্যমৰ বিদ্যালয় সমূহত সৰ্বমুঠ ১৭০০ টা শিক্ষকৰ পদ খালী হৈ আছে। আৰু আমি বিষয়টোৰ গুৰুত্ব বুজি বি টি চি প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰীক সাক্ষাত কৰি এই খালী পদ সমূহ পূৰণ কৰাৰ দাবী জনাইছো। আৰু এই ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস প্ৰদান কৰিছে শিক্ষা মন্ত্ৰীগৰাকীয়ে।

বড়ো সাহিত্য সভাৰ বিষয়া দুগৰাকীয়ে এই সংক্ৰান্তত আৰু কয় যে বিটিচিৰ শিক্ষা বিভাগৰ সহযোগত বড়ো সাহিত্য সভাই বিটিএডিৰ চাৰিওখন জিলাতে শিক্ষক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই শিক্ষক সজাগতা কাৰ্যসূচী আৰম্ভণি দেব্ৰোগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হ’ব বুলি সংবাদমেলতে তেওঁলোকে সদৰী কৰে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিটিচিৰ উপ প্ৰধান কাম্পা বৰগয়াৰী, বিটিচিৰ শিক্ষা সঞ্চালকৰ লগতে শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকিব।

উল্লেখ্য যে এই শিক্ষক সজাগতামূলক অনুষ্ঠান বিচিএডিৰ প্ৰত্যেকটো শিক্ষা ব্লকতে অনুষ্ঠিত হ’ব আৰু ৩০ জুলাইত এই কাৰ্যসূচীৰ সামৰণি পৰিব ওদালগুৰি জিলাৰ মাজবাটত।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

September 20, 2025 9:33 am
ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

September 20, 2025 8:05 am
নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

September 20, 2025 6:30 am
শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

September 20, 2025 9:33 am
ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

September 20, 2025 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd