NORTHEAST NOW (Assamese)

বৰডুমচাত চলিছে ভয়াৱহ সংঘৰ্ষ : আলফা (স্বাঃ) আৰু আৰক্ষী-চি আৰ পি এফৰ গুলীয়াগুলীত নিহত দুজন

May 4, 2018 8:29 pm · অভিক চক্ৰবৰ্তী

তিনিচুকীয়া জিলাৰ বৰডুমচাত চি আৰ পি এফ আৰু আৰক্ষীয়ে সন্দেহজনক আলফা (স্বাঃ)ৰ বিৰুদ্ধে এক যুটীয়া অভিযান চলায়।

উল্লেখযোগ্য যে এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ওপৰত ভিত্তি কৰি আৰক্ষী আৰু চি আৰ পি এফে অঞ্চলটোত আলাফ (স্বাঃ)ৰ বিৰুদ্ধে অভিযান চলায়। অভিযান কালত দুই ফৈদৰ মাজতে প্ৰচণ্ড গুলীয়াগুলী হয়।

প্ৰাপ্ত তথ্য মতে এই প্ৰচণ্ড গুলীয়াগুলীত দুজনকৈ আলফা (স্বাঃ)ৰ সদস্য নিহত হয়। লগতে দলটোৰ দুগৰাকী মহিলা সদস্যক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো।

আনহাতে নিষিদ্ধ ঘোষিত সংগঠনোটৰ গুলীত দুজনকৈ আৰক্ষী জোৱান আহত হয়। বৰ্তমানো অঞ্চলটোত দুই ফৈদৰে মাজত গুলীয়াগুলী চলি আছে বুলি জানিব পৰা গৈছে।

Related News