NORTHEAST NOW (Assamese)

বৰডুমচাত শোকাৱহ অগ্নিকাণ্ডত মৃত্যুক সাবটিলে মাতৃ-কন্যাই

June 18, 2018 10:57 pm · মানস প্ৰতিম গগৈ
প্ৰতিনিধিত্বমূলক ফটো

তিনিচুকীয়া জিলাৰ বৰডুমচাত আজি সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত অগ্নিদগ্ধ হৈ দুই মাতৃ-কণ্যাৰ শোকাৱহ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ‌ পেলাইছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত অৰুণাচল সীমান্তৱৰ্তী ২নং মহঙৰ চি আৰ পি এফ শিবিৰৰ কাষতে থকা এটা বাসগৃহত এই কৰুণ ঘটনা সংঘটিত হয়। ধনঞ্জয় দেউৰী নামৰ ব্যক্তিজনৰ গেলামালৰ দোকানত মজুত ৰখা পেট্ৰেলত আজি সন্ধ্যা প্ৰায় ৯ বজাত কোনো অজ্ঞাত কাৰণত জুই লগাত নিমিষতে জুয়ে সমগ্ৰ বাসগৃহ ঘেৰি ধৰে।

যাৰ ফলত উক্ত সময়ত শোৱনি কোঠাত থকা ধনঞ্জয়ৰ পত্নী জয়া দেউৰী (৪০) আৰু তেওঁৰ ৭ বছৰীয়া কন্যা ছায়ামণি দেউৰীয়ে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটিব লগীয়া হয়।

জানিব পৰা মতে, ছায়ামণি স্থানীয় মহাত্মা গান্ধী বিদ্যালয়ৰ দ্বিতীয় শ্ৰেনীৰ ছাত্ৰী আছিল। ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় মৃতদেহ দুটাক উদ্ধাৰ কৰিছে।

Related News