বৰপেটা জিলা গ্ৰামোন্নয়ন অভিকৰণৰ উদ্যোগত আজি বৰপেটাত গ্ৰাম স্বৰাজ অভিযানৰ অন্তৰ্গত ‘গ্ৰাম শক্তি’ অভিযানৰ এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হয়।
বৰপেটা জিলা গ্ৰামোন্নয়ন অভিকৰণ কেন্দ্ৰত জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখনত প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ বাচনি কৰা ২৬৬ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ আৰু হিতাধিকাৰী পুস্তিকা প্ৰদান কৰা হয়।
লগতে এই সভাতেই বিশেষভাৱে পাৰদৰ্শিতা দেখুওৱা গোমাফুলবাৰী, সৰুক্ষেত্ৰী আৰু বৰপেটা উন্নয়ন খণ্ডক শ্ৰেষ্ঠতাৰ বিশেষ মানপত্ৰ প্ৰদান কৰা হয়।
সভাত বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা প্ৰকল্প সঞ্চালক ৰমেন্দ্ৰ নাথ শৰ্মাই গ্ৰাম স্বৰাজ অভিযানৰ বিষয়ে হিতাধিকাৰীসকলক বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়োৱাৰ লগতে আঁচনিখন সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে।
সভাপতিৰ ভাষণত জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে ব্যক্তিজীৱন, সমাজ জীৱন, আইন আৰু আঁচনি, স্বাস্থ্য আৰু সজাগতাৰ ওপৰত ভাষণ আগবঢ়াই হিতাধিকাৰীসকলক প্ৰেৰণা আৰু উৎসাহ যোগায়।
এই সজাগতা সভাতে জিলা উন্নয়ন আয়ুক্ত ডাঃ বাবুল চহৰীয়াই আঁচনি ৰূপায়ণৰ সপক্ষে হিতাধিকাৰীসকলক বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়ায়।
তাৰোপৰি সভাত বিশেষ পাৰদৰ্শিতা দেখুওৱা জিলা গ্ৰামোন্নয়ন অভিকৰণ বৰপেটা কাৰ্যালয়ৰ কৰ্মী কিশোৰ কুমাৰ লহকৰক বিশেষ মানপত্ৰ প্ৰদান কৰাৰ লগতে ভেল্লা, তাৰাকন্দি আৰু বাগোদী গাঁও পঞ্চায়তলৈ শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ বাবে বাচনি কৰি উক্ত পঞ্চায়তৰ সচিব আৰু কাৰিকৰী বিষয়ালৈ বিশেষ মানপত্ৰ প্ৰদান কৰে।