বৰপেটাত পঞ্চায়ত নিৰ্বাচনৰ কুজকাৱাজ এ আই য়ু ডি এফৰ : যুৱ মৰ্চা,মহিলা মৰ্চা, ছাত্ৰ মৰ্চাৰ নতুন সমিতি গঠন

IMG_20180603_154030

যোৱা ২৯ মে’ত উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এক নিৰ্দেশ যোগে  অহা ১৫ ছেপ্তেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন পাতিবলৈ আদেশ দিয়াৰ পাছতে এতিয়া তৎপৰ হৈ পৰিছে ৰাজ্যৰ সকলো ৰাজনৈতিক দল। এইক্ষেত্ৰত পিছ পৰি থকা নাই এ আই য়ু ডি এফ দল ৷

দলটোৰ পূৰ্বৰ জনপ্ৰিয়তা ঘুৰাই অনাৰ লক্ষ্যৰে আৰু দেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত দলটোৰ কৰণীয় সন্দৰ্ভত বিস্তৃত আলোচনা কৰাৰ উদ্দেশ্যে আজি দিনৰ ১২ বজাৰ পৰা বৰপেটা জিলা এ আই য়ু ডি এফৰ উদ্যোগত হাউলীৰ ত্ৰিকন্যা বিবাহ ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷

বৰপেটা জিলা এ আই য়ু ডি এফৰ সভাপতি তথা ভবানীপুৰৰ বিধায়ক আবুল কালাম আজাদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দলটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ যুৱ মৰ্চা, মহিলা মৰ্চা আৰু ছাত্ৰ মৰ্চাৰ নতুন সমিতি গঠন কৰা হয় ৷

এ আই য়ু ডি এফৰ বৰপেটাৰ জিলাৰ সাধাৰণ সম্পাদক (প্ৰশাসন) ৰফিকুল ইছলামে আঁত ধৰা সভাখনত প্ৰাক্তন বিধায়ক আলী হুছেইন, দলটোৰ উপ সভাপতি ঠাকুৰ চন্দ্ৰ দাস, বৰপেটাৰ সাংসদৰ নমিনী মুন্তাজ আলীৰ লগতে কেইবাগৰাকী নেতাই দলীয় কৰ্মীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ৷

এই সভাতে মতিউৰ ৰহমানক সভাপতি, কচেৰউদ্দিন আহমেদক সম্পাদক হিচাপে লৈ ৫১জনীয়া  যুৱ মৰ্চাৰ নতুন সমিতি গঠন কৰে ৷ একেদৰে মফিদা খাতুনক সভানেত্ৰী আৰু ছাকিনা আহমেদক সম্পাদিকা হিচাপে লৈ মহিলা মৰ্চা আৰু খন্দকাৰ মতিউৰ ৰহমানক সভাপতি আবুল কালাম আজাদক সম্পাদক হিচাপে ছাত্ৰ মৰ্চাৰ নতুন কমিটিৰ নাম ঘোষণা কৰে ৷

ইফালে নতুন সমিতিৰ বিষয়ববীয়া সকলক শপত বাক্য পাঠ কৰোৱায় উপ সভাপতি ঠাকুৰ চন্দ্ৰ মেধিয়ে ৷  দেশৰ সংবিধান শক্তিশালী কৰাৰ লগতে সমাজক ভাগ কৰিব বিচৰা অপ শক্তিৰ বিৰুদ্ধে নতুন সমিতিৰ বিষয়ববীয়া সকলক আহ্বান জনায় ঠাকুৰ চন্দ্ৰ মেধিয়ে ৷