বৰপেটাৰ হাউলীত চিকিৎসকৰ ঘৰত ‘ৰহস্যজনক’ মৃত্যু বনকৰা কিশোৰীৰ
বৰপেটাৰ হাউলী চহৰত ডাঃ চুৰুত জামান আৰু ডাঃ আঞ্জুমন আৰা বেগম নামৰ এহাল চিকিৎসক দম্পত্তিৰ ঘৰত বনকৰা কিশোৰীৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে ৰহস্য আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে।
চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা উজাবি নামৰ কিশোৰীগৰাকীৰ মৃতদেহটোৰ ভৰি মজিয়াত লাগি আছিল বুলি জানিব পৰা গৈছে৷ আনহাতে মৃতদেহটো উদ্ধাৰ হোৱাৰ সময়ত চিকিৎসক দম্পতি ঘৰত নাছিল।
হাউলী চহৰৰ ৪ নং ৱাৰ্ডত থকা চিকিৎসক দম্পত্তিৰ ঘৰৰ প্ৰথম মহলাৰ কোঠাৰ খিড়িকীত দোপাত্তাৰে চিপ লোৱা অৱস্থাত মৃতদেহটো পোৱা গৈছিল।
ঘটনাস্থলীত হাউলী থানাৰ আৰক্ষীৰ লগতে বৰপেটাৰ দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰিছে৷
ধুবুৰীৰ পাটাকাটা গাঁৱৰ সোণা উল্লাহৰ কন্যা মৃত উজাবিয়ে যোৱা এবছৰ ধৰি মানুহ ঘৰত কাম কৰি আহিছিল।