যোৰহাট জিলাৰ টীয়ক থানাৰ অন্তৰ্গত জগদুৱাৰৰ ফুড ভিলা ৰেষ্টুৰেণ্টৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত বাছত গৈ থকা এটি শিশুৰ সোঁহাতখন চিঙি যায়।
ঘটনাৰ বিৱৰণী মতে বোকাখাতৰ পৰা গেলেকী অভিমুখে গৈ থকা এ এছ ২৪ চি ২১৭৭ নম্বৰৰ ব’ন চাৰ্ভিছ বাছখনক বিপৰীত দিশৰ পৰা অহা এ এছ ০৪ বি চি ০৯২৩ নম্বৰৰ তীব্ৰবেগী ডাম্পাৰখনে অতিক্ৰম কৰাৰ সময়ত খুন্দা মৰাত মাক দেউতাকৰ সৈতে বাছত গৈ থকা গণেশ হাজামৰ পুত্ৰ আদিত্য হাজাম নামৰ ৮ বছৰীয়া শিশুটিৰ সোঁ হাতখন চিঙি যোৱাৰ লগতে তেওঁ গুৰুতৰ ভাৱে আহত হয়।
স্থানীয় ৰাইজৰ তৎপৰতাত শিশুটিক তাৎক্ষণিকভাৱে টীয়ক এফ আৰ ইউ লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে পিছত যোৰহাটলৈ প্ৰেৰণ কৰা হয়।
টীয়ক আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহন কেইখনখ জব্দ কৰিছে।