NORTHEAST NOW (Assamese)

বৰমাত আজিৰ পৰা বাথৌ মহাসভাৰ কেন্দ্ৰীয় অধিৱেশন

April 6, 2018 11:24 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

নিখিল বাথৌ মহাসভাৰ কেন্দ্ৰীয় অধিৱেশনখন আজিৰ পৰা তিনিদিনীয়া  কাৰ্যসূচীৰে বাক্‌সা জিলাৰ বৰমাৰ বৰখাৰুৱা ঈৰাগদাও হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ’ব।

অধিৱেশন সম্পৰ্কে বাথৌ মহাসভাৰ নেতৃত্বই বৃহস্পতিবাৰে আয়োজন কৰা এখন সংবাদমেলৰ জৰিয়তে সকলো কথা সদৰী কৰে। তেওঁলোকে জানিবলৈ দিয়া অনুসৰি ৬ এপ্ৰিল তথা আজি ৰাতিপুৱা অধিৱেশনৰ মুখ্য দ্বাৰ উন্মোচন, আবেলি বাথৌ বন্দনা, ইয়াৰ পাছত প্ৰথম প্ৰতিনিধি সভা আৰু নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব।

আনহাতে ৭ এপ্ৰিলৰ পুৱা বাথৌ বন্দনা, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰতিনিধি সভা আদিৰ মাজেৰে আৰম্ভ হ’ব দ্বিতীয় দিনৰ কাৰ্যসূচী। দিনৰ ১১ বজাত খাৰুৱা থানচালি নামৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হ’ব বুলি জনায় আয়োজক সন্থাই।

ইয়াৰ উপৰি বিয়লি ‘বড়োসকলৰ পৰম্পৰা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি’ শীৰ্ষক আলোচনা-চক্ৰ অনুষ্ঠিত হ’ব য’ত উপস্থিত থাকিব প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী আৰু  বিশিষ্ট ব্যক্তি হলিৰাম মুছাহাৰী।

আনহাতে ৮ এপ্ৰিলৰ পুৱা বাথৌ বন্দনা, শোভাযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জনা। বিয়লি অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিব মুকলি সভা। আৰু এই সভাত সভাপতিত্ব কৰিব নিখিল বাথৌ মহাসভাৰ সভাপতি পৰমেশ্বৰ ব্ৰহ্মই।

মুকলি সভাত মুখ্য অতিথি ৰাজ্যপাল জগদীশ মুখী, মুখ্য বক্তা হিচাপে এবছুৰ সভাপতি প্ৰমোদ বড়ো, নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব কামেশ্বৰ বৰগয়াৰী, ধীৰেন বড়ো আৰু বিশিষ্ট সাংবাদিক নিত্য বৰা। আনহাতে নেপালৰ শান্তলাল মেচে, পশ্চিমবংগৰ  ৰমেশ চন্দ্ৰ চুৱা, নাগালেণ্ডৰ ৰামেশ্বৰ বসুমতাৰীকে ধৰি কেইবাজনো সন্মানীয় অতিথি উপস্থিত থাকিব।

Related News