বৰষুণৰ বাবে আধাতে সামৰিব লগীয়া হ’ল বাৰেচহৰীয়া ভাওনা মহোৎসৱ

Barasaharia Bhaona Mahotsav

জামুগুৰিহাটত ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ২২০ বছৰ পুৰণি ঐতিসাহিক বাৰেচহৰীয়া ভাওনা মহোৎসৱ আজি প্ৰতিকুল বতৰৰ বাবে বাতিল কৰা হয়।

যোৱা ৰাতিৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণে ইয়াৰ মূল মণ্ডপ আৰু ভাওনা অনুষ্ঠিত হোৱা খলা সমূহ ক্ষতিসাধন কৰাৰ ফলত উদ্যোক্তা সমিতিয়ে আজি এক জৰুৰী কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰি উক্ত সিদ্ধান্ত গ্ৰহণ কৰে।

এই সম্পৰ্কত ভাওনা মহোৎসৱৰ সাধাৰণ সম্পাদক ভৱ গোস্বামীয়ে কয় যে প্ৰবল বৰষুণে সমগ্ৰ ভাওনাস্থলী নষ্ট কৰি দিয়াৰ ফলত তেওঁলোকে এক কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰি পৰৱৰ্তী দুটা দিনৰ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এইবাৰ বতৰে লগ নিদিলে বুলি মন্তব্য কৰি তেওঁ কয় যে যোৱা দুমাহ ধৰি ২০০তকৈ অধিক গাওঁবাসীয়ে দিনে-নিশাই কৰা কঠোৰ শ্ৰমৰ ফলত সাজু হৈ উঠা মহোৎসৱটো এইদৰে বাতিল কৰিবলগীয়া হোৱাটো বৃহত্তৰ জামুগুৰি বাসীৰ বাবে যথেষ্ট দুখৰ কথা।

উল্লেখযোগ্য যে ১৭৯৭ চনত শোণিতপুৰ জিলাৰ জামুগুৰি অঞ্চলৰ বহুবিলাক গাওঁ একেলগ হৈ শুকাইগিৰি নামৰ এজন গঞাৰ উদ্যোগত জামুগুৰিহাটৰ ৰঘুদলনি পথাৰত প্ৰথমবাৰৰ বাবে এই বাৰেচহৰীয়া ভাওনা আৰম্ভ হৈছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে ১ মাৰ্চত এইবাৰৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদ্বোধন কৰিছিল। আনহাতে সহশ্ৰাধিক লোকৰ উপস্থিতিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুক্ৰবাৰে নিশা ৯ বজাত ভাওনা মুকলি কৰিছিল।

অৱশ্যে প্ৰবল বৰষুণৰ বাবে আধাতে এইবাৰ ভাওনা মহোৎসৱ সামৰিব লগীয়া হয়।